নাহৰকটীয়াৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন :
নাহৰকটীয়া ফুটবল একাডেমিৰ উদ্যোগত অৰু সদৌ অসম ফুটবল খেলুৱৈ কল্যাণ সমিতিৰ সহযোগত দেওবাৰে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰাজ্যিক ফুটবল খেলুৱৈ স্বৰ্গীয় অপূৰ্ব ফুকনৰ সোঁৱৰণত দেওবাৰে অনুষ্ঠিত হয় এক প্ৰদৰ্শনীমূলক ফুটবল খেল। এই খেলখন আনুষ্ঠানিক ভাৱে শুভ আৰম্ভণি কৰে নাহৰকটীয়াৰ বিধায়ক নৰেণ সোণোৱালে। উল্লেখ্য যে এই প্ৰদৰ্শনীমূলক খেলখন অনুষ্ঠিত হয় আই এছ এল এণ্ড আই - লীগ প্লেয়াৰ্ছ অফ আসাম লিজেণ্ডছ বনাম অইল ইণ্ডিয়া এফ চিৰ মাজত। অসম লিজেণ্ডছ টিমৰ হৈ খেল প্ৰদৰ্শন কৰে দূৰ্গা বড়ো,নবিন ৰাভা,প্ৰজ্ঞান গগৈ,প্ৰাঞ্জল ভুমিজ আদি বহুকেইজন প্ৰতিষ্ঠিত ফুটবল খেলুৱৈয়ে। খেলৰ প্ৰথম হাফত ১৬ মিনিটততে অইল ইণ্ডিয়া ফুটবল ক্লাবৰ হৈ মেন্দেলা ৰংপিয়ে এটা গ'ল দি অগ্ৰগতি লাভ কৰাত সহায় কৰে আনহাতে দ্বিতীয় হাফৰ ৭ মিনিটতে অসম লিজেণ্ড টিমৰ হৈ প্ৰাঞ্জল ভুমিজে ১ টা গ'ল দি খেলখনত সমতা ৰক্ষা কৰিবলৈ সক্ষম হয়।
নাজিৰা পানীবিলৰ নিৱাসী অগ্ৰণী খেলুৱৈ প্ৰাঞ্জল ভুমিজে মুম্বাই ইণ্ডিয়ানচ টিমৰ হৈ আই এচ এল খেলতো অংশগ্ৰহণ কৰিছিল। এই হাই ভল্টেজ খেলখন চাবলৈ দৰ্শক সকলৰ মাজত যথেষ্ট উৎসাহ দেখা গ'ল। উল্লেখ্য যে স্বৰ্গীয় অপূৰ্ব ফুকন অসমৰ এজন আগশাৰিৰ খেলুৱৈ আছিল। বহুতো ৰাষ্ট্ৰীয় খেলত তেখেতে অংশগ্ৰহণ কৰি নিজৰ লগতে অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই তুলিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে অতি কম বয়সতে দুৰ্ঘটনাজনিত কাৰণত অসমে তেখেতক অকালতে হেৰুৱাবলগীয়া হ'ল। এই খেলখনৰ যোগেদি তেওঁক সোঁৱৰি উপস্থিত বহু দৰ্শকৰে দুচকু সেমেকি উঠা পৰিলক্ষিত হ'ল।
- Log in to post comments
- 35 views