চিৰাং জিলাৰ নিলিবাৰীৰ ৰহিমুদ্দিন শ্বেখ সন্ধানহীন

bgn

বঙাইগাঁওঃ

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নিলিবাৰী নিবাসী ৰহিমুদ্দিন সেখ নামৰ লোকজন শুকুৰবাৰৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকে জানিব দিয়া মতে উক্ত দিনা সন্ধিয়া ৭ মান বজাত ৰহিমুদ্দিন সেখে ঘৰৰ পৰা বজাৰ কৰিবলৈ বুলি ডাংতল বজাৰলৈ ওলাই আহিছিল ৷ কিন্তু ইয়াৰ পিচৰে পৰা সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়াই বিভিন্ন ঠাইত খা- খবৰ কৰে যদিও লোকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল ৷ পিচত শনিবাৰে ৰহিমুদ্দিন সেখৰ পত্নী কুলছুন বিবিয়ে নিলিবাৰী আৰক্ষী চকীত স্বামী সন্ধানহীন হোৱা বিষয়টো অৱগত কৰি এখন এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে ৰহিমুদ্দিনৰ প্ৰকৃত ঘৰ বঙাইগাঁও জিলাৰ চিকিবিকিত যদিও বৰ্তমান নিলিবাৰীৰ বাসিন্দা ৷ ইপিনে পত্নী কুলছুন বিবিয়ে স্বামী ৰহিমুদ্দিনে ঘৰত কোনো কাজিয়া - পেচাল কৰি ওলাই যোৱা নাছিল বুলিও কয় ৷ সন্ধানহীন হোৱা লোকজনৰ পিন্ধনত ক'লা পেন্ট আৰু পাতল হালধীয়া ৰঙৰ চোলা আছিল ৷ কোনো লোকে লোকজনৰ কিবা সন্ধান পালে এই ৮৪৭১৮০২৩৫৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

Your Comments