শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
দিনক দিনে শিৱসাগৰ চহৰ পৰিণত হৈছে চোৰৰ ৰম্যভূমিলৈ। শিৱসাগৰত কালি নিশা সংঘটিত হ'ল এটিএম চুৰিৰ এক ঘটনা। কিন্তু চোৰে এইবাৰ এটিএম ভাঙি ধন লুট কৰাৰ বিপৰীতে উঠাই লৈ গ'ল এটিএম মেচিনটোকে। ঘটনাটোক লৈ শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং ৰোডৰ তলাতল হোটেলৰ কাষত থকা ইণ্ডিয়ান অভাৰচীজ বেংকৰ এটিএম মেচিনটো কালি নিশা কোনো দূৰ্বৃত্তই উঠাই লৈ যায়। আজি পুৱা স্থানীয় লোকে এটিএমটো ভঙা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি থকাৰ সময়তেই আৰক্ষীয়ে শলগুৰিত এটিএম মেচিন উদ্ধাৰৰ খবৰ লাভ কৰে । দূৰ্বৃত্তই এটিএম মেচিনটো ভাঙিবলৈ চেষ্টা কৰে যদিও ভাঙিব নোৱাৰাত এটিএমটো শলগুৰি অঞ্চলত পেলাই থৈ যায়। অৱশ্যে চোৰৰ দলটো এটিএমৰ পৰা টকা উলিয়াবলৈ সক্ষম নহ'ল ।
ইফালে চহৰৰ মাজমজিয়াৰ পৰা এনেদৰে এটিএমৰ মেচিন চুৰি কৰি লৈ যোৱা ঘটনাক শিৱসাগৰবাসীয়ে সহজভাৱে ল'ব পৰা নাই । শিৱসাগৰত আৰক্ষীৰ নিয়মিত তহলৰ পাছতো কেনেদৰে চোৰে এটিএম মেচিনটোকে চুৰি কৰি নিব পাৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।ৰাইজৰ অভিযোগ আৰক্ষীয়ে তদন্ত কৰিলে এদিন নহয় এদিন দোষী ধৰা পৰিবই, কিন্তু এনে ধৰণৰ অপৰাধ ৰোধ কৰাত শিৱসাগৰ আৰক্ষী পূৰ্বতে সিমান সফল হোৱা দেখা নাযায়।
আৰক্ষীয়ে মাজে সময়ে দুচকীয়া বাহনৰ নথি পত্ৰ, হেলমেট পৰীক্ষা কৰাত ব্যস্ত থাকে যদিও শিৱসাগৰ আৰক্ষীয়ে আজি পৰ্যন্ত কিন্তু বাইকত অহা চিলনী চোৰ এটাকও গ্ৰেপ্তাৰ কৰিব পৰা নাই।
- Log in to post comments
- 5 views