বঙাইগাঁৱত অনন্ত বৰা স্মাৰক বক্তৃতানুষ্ঠানঃ স্মৃতিগ্ৰন্থ উন্মোচন

bgn

বঙাইগাঁওঃ 

বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰয়াত সহযোগী অধ্যাপক, লেখক, প্ৰকৃতি প্ৰেমী, তথা প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ অন্যতম প্ৰাক্তন বিষয়ববীয়া ড° অনন্ত বৰাৰ স্মৃতিত আজি স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ উদ্যোগত আৰু  বীৰঝৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানৰ পূৰ্বে ড° অনন্ত বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু বক্তৃতানুষ্ঠান উদ্বোধন কৰে বিশিষ্ট অতিথি তথা বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ফিৰোজ আহমেদে ৷ অদৰণি ভাষণ আগবঢ়ায় বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰাণু ৰায়ে ৷ অনুষ্ঠানত বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খনীন্দ্ৰ চন্দ্ৰ শৰ্মাই আৰণ্যকে প্ৰকাশ কৰি উলিওৱা 'অনন্ত স্মৃতি' শীৰ্ষক স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে ৷bgn2

অনুষ্ঠানত প্ৰয়াত অনন্ত বৰাৰ পত্নী ৰূপজ্যোতি বৰুৱাই স্বামীৰ জীৱনৰ শেষ দিন সমূহৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বৰাই সমাজৰ প্ৰতি দায়বদ্ধ হৈ কৰা কাম সমূহৰ ওপৰত আলোকপাত কৰে ৷ আনহাতে প্ৰথম অনন্ত বৰা সোঁৱৰণী বক্তৃতানুষ্ঠানৰ মুখ্য অতিথি গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্যই অনন্ত বৰাক লগ পোৱা  সম্পৰ্কে কিছু কথা ব্যক্ত কৰাৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ ওপৰত বৰাই কৰি অহা কামৰ প্ৰচেষ্টাৰ শলাগ লয় ৷ তেওঁ দৃশ্য-শ্ৰব্য মাধ্যমৰ দ্বাৰা পৃথিৱীৰ জৈৱ বৈচিত্ৰৰ দিশ সমূহৰ ওপৰত আলোচনা দাঙি ধৰাৰ লগতে জৈৱ বৈশিষ্টৰ জৰিয়তে সমাজৰ হোৱা উপকাৰিতা সন্দৰ্ভত বহলাই আলোচনা দাঙি ধৰে ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা আৰণ্যকৰ সদস্য বিক্ৰমৰঞ্জন ৰয়ে আঁত ধৰা অনুষ্ঠানত আগন্তক বছৰৰ পৰা অনন্ত বৰাৰ স্মৃতিত অাৰণ্যকে  উদ্ভিদ বিজ্ঞানৰ ওপৰত  গৱেষণা কৰা গৱেষক ছাত্ৰ-ছাত্ৰীৰ মাজত ২৫ হেজাৰ টকাৰ এককালীন জলপানি প্ৰদানৰ কথা প্ৰকাশ কৰে আৰণ্যকৰ সমন্বয়ক ড° অশোক কুমাৰ দাসে ৷ অনুষ্ঠানত আৰণ্যকৰ সদস্য সকল, বীৰঝৰা মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Your Comments