দক্ষিণ কামৰূপ পৰা নীহাৰিকা তালুকদাৰ :
যৌতুকৰ নামত বোৱাৰী নিৰ্যাতনৰ ঘটনাই পুনৰবাৰ জোকাৰি গৈছে দক্ষিণ কামৰূপক।জানিব পৰা মতে ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত আমতলা গাওঁক মৰমী দাস নামৰ ভুক্তভোগী মহিলাগৰাকীক স্বামী,শহুৰ,শাহুৱে বিয়াৰ পিছৰে পৰা যৌতুকৰ নামত চলাই আহিছিল অকথ্য নিৰ্যাতন।শেহতীয়াকৈ মহিলাগৰাকীক ঘৰৰ খুটাত বান্ধি মাৰধৰ কৰি পেলাই থোৱাত ওচৰৰে মহিলা এগৰাকীয়ে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে।স্বামীগৃহৰ কোনো লোকে খবৰ নকৰাত উপায়হীন হৈ মহিলাগৰাকীয়ে ছয়গাওঁ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।মহিলাগৰাকীয়ে ন্যায় বিচাৰিছে আৰু স্থানীয় মহিলা সমিতিয়ে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে।
- Log in to post comments
- 10 views