শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ  ঔষধৰ দোকানত বিধ্বংসী অগ্নিকাণ্ড

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত শুকুৰবাৰৰ মাজনিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ফলত থকা কেইবাখনো ঔষধৰ দোকান জুইত জাহ যায়। নিশা প্ৰায় ১ মান বজাত মেডিচিন চেন্টাৰ নামৰ ঔষধৰ দোকান খনৰ পৰাই জুইৰ সুত্ৰপাত ঘটে। এই অগ্নিকাণ্ডত মেডিচিন চেন্টাৰ নামৰ ঔষধৰ দোকানখন সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ  লগতে কাষতে লাগি থকা আন দুখন ঔষধৰ দোকানো কম বেচি পৰিমাণে ক্ষতিগ্রস্থ হয়।sib

চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে তিনিখন অগ্নিনিৰ্বাপক গাড়ীয়ে আধাঘন্টাত কৈ অধিক সময় ধৰি চলা প্ৰচেষ্টাৰ অন্ততহে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত নিশা চিকিৎসালয়ৰ চৌহদত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

Your Comments