হিন্দু জাগৰন মঞ্চৰ প্ৰতিবাদী সমদলত উত্তাল  গোৱালপাৰা চহৰ  

goalpara

আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :  

অবৈধ বিদেশীৰ নাম কৰ্ত্তণ কৰি এখন শুদ্ধ  এন আৰ চি প্ৰকাশৰ দাবীত হিন্দু জাগৰন মঞ্চৰ গোৱালপাৰা জিলা সমিতিয়ে শনিবাৰে গোৱালপাৰা চহৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰি গোৱালপাৰা জিলাৰ উপায়ক্তৰ জৰিয়তে ভাৰতৰ মহা পঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে। হিন্দু জাগৰন মঞ্চৰ  প্ৰায় পাঁচ সহস্ৰাধিক সদস্যই  প্ৰথমে গোৱালপাৰা চহৰৰ  দুৰ্গা মন্দিৰ স্হিত বিহু ফিল্ডত সমবেত  হৈ তাৰ পৰা প্ৰতিবাদী সমদল কৰি  প্ৰতীক হাজেলা মুৰ্দাবাদ , অবৈধ বিদেশীৰ নাম কৰ্ত্তন কৰক , অবৈধ বাংলাদেশী হায় হায় , এশ শতাংশ শুদ্ধ এন আৰ চি প্ৰকাশ কৰক  আদি শ্লগান দি গোৱালপাৰা চহৰৰ আকাশ বতাশ মুখৰিত কৰি তোলে ।  পিছত হিন্দু জাগৰন মঞ্চৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি লম্বোধৰ ৰাভা আৰু সম্পাদক বিনয় বৰ্মন স্বাক্ষৰিত এখন স্মাৰক পত্ৰ গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ মহা পঞ্জীয়ক লৈ প্ৰেৰন কৰে ।

Your Comments