ওদালগুৰিৰ আক্ৰাছু কাৰ্য্যলয়ত জৰুৰীকালীন সভা : বিভিন্ন বিষয়ববীয়াক দ্বায়িত্বৰ পৰা অব্যাহতি 

udalguri

ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :

ওদালগুৰি জিলা কোচঁ-ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অৰণ্য ডেকাৰ সভাপতিত্বত এখন জৰুৰীকালীন সভা অনুষ্ঠিত হয়। উক্ত সভাখনত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ভৱেন ৰাজবংশী, ওদালগুৰি জিলাৰ সম্পাদক  নৱজিৎ কোচঁ, চিলাৰায় সেনাৰ ওদালগুৰি জিলাৰ সেনাধ্যক্ষ তুলন ডেকাৰ লগতে বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়া আৰু সদস্য সকল। উক্ত সভাতে
যোৱা ৭ আগস্ট তাৰিখে গুৱাহাটীত হিতেশ্বৰ বৰ্মনৰ নেতৃত্বত কেইখনমান জিলাৰ বিষয়ববীয়াক লৈ অসাংবিধানিক ভাৱে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰুন কুমাৰ ৰায়ক বহিস্কাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি উক্ত সভাত উপস্থিত থকাৰ বাবে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলাৰ পূৰ্বৰ সভাপতি আনন্দ শইকীয়া আৰু সঃ সাধাৰণ সম্পাদক মিঠুন বৰুৱাক 
সাময়িক ভাৱে দায়িত্বৰ পৰা অব্যাহতি দিযাৰ লগতে শ্ৰী অৰণ্য ডেকাক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দ্বায়িত্ব অৰ্পণ কৰা হয়।

Your Comments