লাহৰীঘাট ছেণ্ট্ৰল স্কুলত দুদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন

laharighat

লাহৰিঘাটৰ পৰা স্বামিমূল ইছলামৰ প্রতিবেদন :

লাহৰীঘাট মৰিগাঁও জিলাৰ নৈ-পৰীয়া অঞ্চল লাহৰীঘাটৰ এখন  ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় লাহৰীঘাট ছেণ্ট্ৰেল স্কুলত  দুদিনীয়া কাৰ্যসূচীৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। স্কুলখনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে লাহৰীঘাট আঞ্চলিক পঞ্চায়তৰ সভাপতি নুৰজামালে আৰু স্বাধীনতা দিৱসৰ ওপৰত তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়াই স্কুলখনৰ অধ্যক্ষ মাহমাদুল নবীয়ে।স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ পৰিয়াল বৰ্গই বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে।বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নেকিবুল হকে বৃক্ষৰোপক হিচাপে উপস্থিত থাকি কণ কণ ছাত্ৰ-ছাত্ৰীসকলক বৃক্ষৰোপনৰ তাৎপৰ্যৰ বিষয়ে সুন্দৰকৈ বুজায় দিয়ে।  বিদ্যালয়খনে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰত স্কাউট এণ্ড গাইডৰ  এ পি জে আব্দুল কালাম ট্ৰপৰ ওপৰতৰ এটি ট্ৰেইনিং কেম্পৰ আয়োজন কৰে।

laharighat4 স্কাউট এণ্ড গাইডৰ পতাকা উত্তোলন কৰাৰ লগতে স্কাউট এণ্ড গাইডৰ দিনজোৰা ট্ৰেইনিং কেম্পৰ আৰম্ভণি কৰে কমিশ্বনাৰ আজাহাৰ উদ্দিন চৌধুৰীয়ে। ইপিনে লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াৰ  নিমন্ত্ৰণত আয়োজন কৰা কুইজ প্ৰতিযোগিতাত স্কুলখনৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।কুইজৰ লগতে বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰপৰা বঁটা প্ৰদান কৰা হয়। সন্ধিয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।


শ্বামিমুল ইছলাম

Your Comments