চিৰাঙৰ বিজনীত অবড়ো সুৰক্ষা সমিতিৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ

aboro

বঙাইগাঁওঃ 

বিটিএডিৰ সমস্যা অকল বিটিএডিৰ মানুহেই শেষ কৰিব নোৱাৰে। বিটিএডিৰ সমস্যা সমাধান কৰিবলৈ হ'লে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মানুহে আপোনালোকৰ পক্ষ ল'ব লাগিব' ৷ এই মন্তব্য অসমৰ বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনৰ। চিৰাং জিলাৰ বিজনীৰ বৰপথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰি নিজৰ ভাষণ প্ৰদান কৰি তেওঁ কয় যে আগন্তুক দিনত যদি বিটিএডিৰ সমস্যা সমাধান কৰিব লগীয়া হয় ,তেতিয়াহলে সকলোকে বিশ্বাসত ল'ব লাগিব আৰু বিশ্বাসৰ পটভূমি ৰচনা কৰিব লাগিব। বিশ্বাসৰ পটভূমি ৰচনা হ'ব আপোনালোকৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ দ্বাৰাহে।সেয়ে বুদ্ধিজীৱী গৰাকীয়ে অবড়ো শক্তিক ঐক্যবদ্ধ ভাবে আগুৱাই নিয়াৰ পোষকতা কৰি মন্তব্য আগবঢ়ায়। উল্লেখ্য যে চিৰাং জিলাৰ বিজনীৰ বৰপথাৰত আজিৰে পৰা আৰম্ভ হৈছে  অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালা। বৰপথাৰৰ ৰাজহুৱা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাৰ আজি পুৱা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ললিত হেমব্ৰমে সংগঠনটোৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

oboro2 পৰৱৰ্তী শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ মহেনেশ্বৰ ৰায়ে। অবড়ো মুক্তি সংগ্ৰাম খনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অবড়ো সংগ্ৰাম খনত জড়িত নেতা কৰ্মী সকলকলৈ বিগত দিনৰ কাৰ্যপন্থাৰ নিৰ্মোহ বিশ্লেষণৰ যোগেদি আগন্তুক দিনৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ সংকল্পৰে আয়োজিত এই কৰ্মশালাৰ শুভাৰম্ভণি কৰে কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক ব্ৰজেন মহন্তই সঞ্চালন কৰা কৰ্মশালা সভাত  কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, বিটিচিৰ কেবাগৰাকীও এমচিএলএ ,বিটিএডিৰ চাৰিওখন জিলাৰ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধি, কেন্দ্ৰীয় নেতৃবৃন্দৰ উপৰিও বৰপথাৰৰ ডেৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত অৰ্থনৈতিক স্বাবলম্বিতা সম্বন্ধীয় সজাগতা বৃদ্ধি সম্পৰ্কত আলোচক হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ আৰু পঞ্চায়তীৰাজৰ উত্তৰ-পূৱ সংমণ্ডলৰ পৰামৰ্শদাতা কৌশিক কলিতা। আনফালে বিটিএডিৰ প্ৰেক্ষাপটত বৌদ্ধিক মহলৰ কৰ্তব্য সম্বন্ধে আলোচক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াব জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী অদীপ কুমাৰ ফুকনে। ইয়াৰোপৰি ষষ্ঠ অনুসূচী আৰু ভূমিৰ অধিকাৰ শীৰ্ষক আলোচনাত ভাগ ল'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস হাজৰিকাই। ইফালে বিটিচিত যদি অবড়ো সুৰক্ষা সমিতিৰ দ্বাৰা কাউঞ্চিল গঠন নহয় তেনেহলে ইয়াৰ পৰৱৰ্তী সময়ত বিটিএডিত জম্মু-কশ্মিৰৰ দৰে পৰিস্থিতি হ'ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

Your Comments