হোজাইত অশুদ্ধ এন আৰ চি প্ৰস্তুত কৰণৰ বিৰোধিতা কৰি হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ 

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ সদৰ লংকাৰ শংকৰদেৱ নগৰস্হিত উপাযুক্ত কাৰ্য্যলয়ৰ সন্মূখত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। লংকাৰ জোৰাপুখুৰীৰৰ পৰা আধা কিলোমিটাৰ পথ সমদল কৰি আহি প্ৰতিবাদকাৰী সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | এন আৰ চিত প্ৰকৃত ভাৰতীয় নাম কৰ্তন কৰা, বিদেশীৰ নাম অন্তৰ্ভূক্তিৰে এখন অশুদ্ধ এন আৰ চি প্ৰস্তুত কৰণৰ বিৰোধীতা কৰি হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে উত্তাল কৰি তোলে হোজাইৰ আকাশ বতাহ।

hojai2 প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে' কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতীক হাজেলা হুছিয়াৰ, প্ৰতীক  হাজেলা মূর্দাবাদ অবৈধ বাংলাদেশীৰ নাম  এন আৰ চিৰ পৰা কৰ্তন কৰক, সকলো হিন্দুৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰক ,আমছু হুছিয়াৰ, আমছুৰ দাদাগিৰি নচলিব ,হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ,হিন্দু থাকিলে বাচিৱ দেশ নহলে হৱ বাংলাদেশ আদি ধন্নীৰে উত্তাল কৰি তোলে উপাযুক্ত কাৰ্য্যলয়ৰ চৌহদ ।উল্লেখ্য যে উক্ত প্ৰতিবাদত মোদী চৰকাৰ হায় হায় লিপিবদ্ধ এখন প্লে' কাৰ্ড লৈও প্ৰতিবাদ কাৰী এগৰাকীয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হ'ল । উক্ত প্ৰতিবাদত প্ৰায় দহ সহস্ৰাধীক ৰাইজ তথা দলটোৰ কৰ্মীয়ে  অংশগ্ৰহণ কৰে ।

Your Comments