অগপ নেতা-কৰ্মী, কংগ্ৰেছ পঞ্চায়ত প্ৰতিনিধিসহ দুশতাধিকৰ বিজেপিত যোগদান

dilip

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

"দুৰ্বল ভাৰতবৰ্ষ, গৰীব ভাৰতবৰ্ষ, লেতেৰা ভাৰতবৰ্ষ, সামৰিক ক্ষেত্ৰত পিছ পৰা ভাৰতবৰ্ষ, বিজ্ঞান,-প্ৰযুক্তি, কৃষিৰ ক্ষেত্ৰত পিছ পৰা ভাৰতবৰ্ষ আজি সেই প্ৰতিচ্ছবি আমাৰ সম্মুখত নাই। এতিয়া আজি আমি এখন সবল ভাৰতবৰ্ষ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। তাৰ বাবে আমি কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব লাগিব।" এই মন্তব্য আঠ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াৰ। আজি সাংসদগৰাকীৰ গৃহসমষ্টিৰ অন্তৰ্গত তেওঁ নিজ মণ্ডল ( ঘগ্ৰাপাৰ) বড়িগোগ বনভাগ মণ্ডল বিজেপি আৰু অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰ বাকৰিত আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা সভাত সাংসদ দিলীপে এইদৰে কয়। বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতাই সভাপতিত্ব কৰা সভাখনত সাংসদ শইকীয়া ভাষণত সমষ্টিৰ ৰাইজৰ সহযোগত সকলো পৰ্যায়তে উন্নয়নৰ ধাৰা ত্বৰাম্বিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সাংসদগৰাকীয়ে আগন্তুক দিনত ৰাইজৰ সহযোগত একেদিনা সাংসদ পুঁজিৰ ধন বিতৰন কৰিব বুলিও কয়। সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ভাষণত কয় যে এতিয়া পৰিৱৰ্তনৰ সময়। মানুহে পৰিৱৰ্তনৰ ফালে আগবাঢ়িছে। আমাৰ দললৈ মানুহ আহিব তেওঁলোকক সন্মান দিব লাগিব। বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদকদ্বয় ক্ৰমে চন্দন ডেকা, আৰু ডিম্বেশ্বৰ বেজবৰুৱাই আঁত ধৰা সভাখনত আদৰণী ভাষন দিয়ে নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকাই। উক্তসভাত নলবাৰী জিলা পৰিষদ সভাপতি নিতুল ডেকা, নলবাৰী যুৱ মৰ্চাৰ সভাপতি তথ ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, বিজেপিৰ ৰা্জ্যিক কাৰ্যনিৰ্বাহক সদস্য মধুৰাম ডেকা, নলবাৰী জিলা বিজেপিৰ উপসভাপতি অপুৰ্ব শৰ্মা, সাধাৰণ সম্পাদক অজ্ঞন শৰ্মা, আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী, ড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱাকে ধৰি পাঁচশতাধিক লোকে অংশগ্ৰহণ কৰা সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপি সমিতিকে ধৰি বিজেপি ভাতৃ সংগঠন ভাৰতীয় জনতা যূৱ মৰ্চা, মহিলা মৰ্চা, এছ টি, কৃষাণ মৰ্চা নলবাৰী সমিতি, সংখ্যালঘু মৰ্চা, বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়ত, ন টা গাঁও পঞ্চায়ত, বুথ সমিতি, বনভাগ মহাবিদ্যালয়, ঘগ্ৰাপাৰ প্ৰেছ ক্লাব, বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সম্মিলনী, ঘগ্ৰাপাৰ হাইস্কুল এন চি চি গোট, ঘগ্ৰাপাৰ হৰিমন্দিৰ সমিতি, ঘগ্ৰাপাৰ আঞ্চলিক শংকৰদেৱৰ নাম ঘৰ সমিতি, ঘগ্ৰাপাৰ হাইস্কুল, ছোৱালী হাইস্কুল, শংকৰদেৱৰ শিশু বিদ‍্যা নিকেতন, গলিয়া গাঁও উন্নয়ন সমিতি, ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা, আদি কৰি অৰ্ধশতাধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠাৰ লগতে ভালেসংখ্যক লোকে ব‍্যক্তিগতভাৱে সম্বৰ্ধনা জনায়। আজি এই সম্বৰ্ধনা সভাতে অগপৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি অশ্বিনী বেজবৰুৱা , প্ৰাক্তন সম্পাদক তথা অগপ নেতা হিতেশ কলিতা, অগপৰ যুৱ পৰিষদৰ ঘগ্ৰাপাৰ সমিতিৰ সম্পাদক মন্টু লহকৰ,  অগপ নেতা ধৰনী দাস, নলবাৰী জিলা সমিতি অগপৰ সদস্য হিতেশ ব্ৰক্ষ, বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক কমল বৰা, ন টা গাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ গাঁও সভাৰ সদস্য , প্ৰতিনিধিসহ দুশতাধিকে কংগ্ৰেছ আৰু অগপ দলৰ কৰ্মী,  বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আটাইবোৰ নতুনকৈ যোগদান কৰা কংগ্ৰেছ ,অগপক সাংসদ, বিধায়কে দলীয় গামোচা, টুপীৰে আদৰণি জনায়৷

Your Comments