চৰাইদেউৰ বৰহাটত ব্যৱসায়ীক ধন দাবী কৰা দুজন লোকক আটক

arrest

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মিছাজান গাঁৱৰ নিবাসী তথা বৰহাট নগৰৰ বিজিত দে নামৰ এজন ব্যৱসায়ীক সন্দেহ যুক্ত আলফাই ধন দাবী কৰা ঘটনাই সমগ্ৰ জিলাখনতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত আজি ধন দাবী ঘটনাৰ লগত জড়িত বিতোপন বৰুৱা(৪০) আৰু অৰূপ চেতিয়া(৩১)ক  আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত মিছাজান অঞ্চলৰ ব্যৱসায়ী বিজিত দে-ক 9678769805 নম্বৰ ম'বাইলৰ পৰা আলফা স্বাধীন বুলি লিখা মেছেজৰ জৰিয়তে পাঁচ দিনৰ ভিতৰত দুই লাখ টকা দিবলৈ দাবী জনায়। এই সন্দৰ্ভত ব্যৱসায়ী বিজিত দেই বৰহাট আৰক্ষী থানাত ১৬ আগষ্টত এখন এজাহাৰ দাখিল কৰাৰ পিছতেই চৰাইদেউ জিলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰি এক অভিযান চলাই দুজনকৈ লোকক আটক কৰে। চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীয়ে দুয়োজনক আটক কৰে। ইয়াৰে বিতোপন বৰুৱাই ২০০৯ চনত আত্ম-সমৰ্পণ কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ পৰা। বিতোপনৰ ঘৰ বৰহাট চাংমাই গাঁৱত আৰু অৰূপ চেতিয়াৰ ঘৰ সোণাৰিৰ চফ্ৰাই ৰঙা পথাৰত। অধিক তথ্য বিচাৰি সোণাৰিৰ আৰক্ষীয়ে থানাত আটকাধীন দুয়োজন লোকক সোধাপোছা অব্যাহত ৰাখিছে।

Your Comments