জালাহৰ পৰা গুঞ্জন দাস
১৬ আগষ্টৰ দিনটোত বাক্সাৰ জালাহ প্ৰেছ গীল্ডে ২১ সংখ্যক বৰ্ষত ভৰি দিছে। সেই উপলক্ষে জালাহস্থিত সাহিত্য সভা ভৱনত জালাহ প্ৰেছ গীল্ডৰ সদস্য আৰু শুভাকাংক্ষীৰ উপস্থিতিত ৰাতিপুৱা পতাকা উত্তোলন কৰে জালাহ প্ৰেছ গীল্ডৰ সভাপতি মনজিৎ দাসে। তাৰ পিছতে বন্তি প্ৰজ্বলন কৰে জালাহ প্ৰেছ গীল্ডৰ প্ৰাক্তন সভাপতি হৰিহৰ দাসে। উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মনৰ ভাৱ বিনিময় অনুষ্ঠানত জালাহ প্ৰেছ গীল্ডৰ সম্পাদক চন্দন মেধিয়ে কয় যে আগৰে পৰা জালাহ প্ৰেছ গীল্ডে সমাজ কল্যাণমূলক কামৰ লগত জড়িত হৈ আছে আৰু সেই ধাৰা বৰ্তাই ৰখাৰ উদ্দেশ্যে জালাহ প্ৰেছ গীল্ডে নতুনকৈ চিন্তা-চৰ্চা কৰিবৰ সময় আহি পৰিছে।
- Log in to post comments
- 9 views