মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকা
বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ হ’বলৈ মাত্ৰ ১৩ টা বাকী থকা অৱস্থাত নাগৰিক পঞ্জী প্ৰকাশৰ বিৰোধিতাৰে আজি মঙলদৈত দুই শতাধিক লোকেৰে এক প্ৰতিবাদী সমদল উলিয়ায় হিন্দু জাগৰণ মঞ্চৰ দৰং জিলা সমিতিয়ে। মঙলদৈ জিলা পুথিভঁৰালৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ জৰিয়তে গৃহ বিভাগৰ মহা পঞ্জীয়কলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে। ১০০ শতাংশ পুনৰীক্ষণ নকৰাকৈ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব খোজাক কাৰ্যক হিন্দু জাগৰণ মঞ্চই প্ৰতীক হাজেলাৰ মইমতালি বুলি আখ্যা দিয়ে।
প্ৰতিবাদকাৰী সকলে "১০০ শতাংশ এন আৰ চি পুনৰীক্ষণ কৰক", "খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখক", "এন আৰ চি -ৰ পৰা বিদেশীৰ নাম কৰ্তন কৰক" আদি শ্লোগানৰ লগতে চৰাইদেউ, কোকৰাঝাৰ, কাৰ্বি আংলঙত খিলঞ্জীয়াৰ নাম বাদ পৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমাৰা, কৰিমগঞ্জত আশ্চৰ্যজনকভাবে সন্দেহজনক লোকৰ নাম সোমোৱা এই এন আৰ চি কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।
- Log in to post comments
- 15 views