নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন :
নামৰূপৰ দিল্লী দোৱনীয়া গাৱঁত অৱস্হিত পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ (স্বীকৃতি প্ৰাপ্ত - ২০০৫)শিক্ষক - শিক্ষয়িত্ৰী সকলে পেটত গামোচা বান্ধি এইবাৰৰ স্বাধীনতা দিৱস পালন কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক শুভানন্দ আৰেয়াই আঁতধাৰা অনুস্থানটিত নামৰূপ গাঁও পঞ্চায়তৰ সভানেত্ৰী টুটুমনি লাহনৰ দ্বাৰা পতাকা উত্তোলন কৰাৰ পাছত বিদ্যালয় প্ৰাংগনত বিদ্যালয়ৰ প্ৰাক্তন সভাপতি ডম্বৰু গগৈৰ পৌৰহিত্যত এখনি "অপ্ৰাদেশীকৃত বিদ্যালয় সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়।
সভাত নামৰূপ পঞ্চায়তৰ সভানেত্ৰী , ৱাৰ্ড মেম্বাৰ প্ৰভাত নাহৰডেকা, "আটছা "নাহৰকটীয়াৰ উপ সভাপতি গোবিন কুমাৰ, "আছা" নাহৰকটীয়া আঞ্চলিকৰ সভাপতি জিতেন ওৰাং, গাঁও বুঢ়া সুৰেশ গগৈ, সংবাদিক বিতুল বৰুৱা, সমীৰণ বৰুৱা, গণপৰিষদৰ ফুলু বৰুৱা,স্থানীয় ব্যক্তি উত্তম বাঘক বিদ্যালয় তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আৰু তেওঁ লোকে ভাষণ প্ৰদান কৰে। উক্ত সভাত বিদালয়ৰ শিক্ষক, অভিভাৱক স্থানীয় ৰাইজ উপস্থিত থাকে।সভাত বিদ্যালয় খনৰ প্ৰাদেশিকীকৰণৰ কৰিবলৈ অনুৰোধ জনাই চক্ৰ বিষয়াৰ যোগেদি শিক্ষা মন্ত্ৰী, স্থানীয় উপায়ুক্ত, সাংসদ ও বিধায়কক স্মাৰক পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
- Log in to post comments
- 104 views