গহপুৰৰ পৰা মাধৱ শৰ্মাৰ প্রতিবেদন :
অব্যাহত আছে কংগ্ৰেছৰ গৰাখহনীয়া । ইজনৰ পিছত সিজনে ত্যাগ কৰিছে কংগ্ৰেছ দল।ৰিপুন বৰাৰ গৃহ সমষ্টি গহপুৰৰ এগৰাকী যুৱ কংগ্ৰেছ কৰ্মী নৱজ্যোতি বৰায়ো অৱশেষত কংগ্ৰেছ দল ত্যাগ কৰিলে।
বিশ্বনাথ জিলাৰ যুৱ কংগ্ৰেছৰ সাধাৰন সম্পাদক নৱজ্যোতি বৰাৰ পদত্যাগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ গৃহ সমষ্টিতে যে কংগ্ৰেছ দলৰ ভেটি দুৰ্বল হৈছে তাক পুনৰ প্ৰমাণ কৰিছে।
আগন্তুক দিনত নৱজ্যোতি বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনাই অধিক ।
- Log in to post comments
- 316 views