গংগাপুখুৰী বৰকুৰিহা উন্নয়ন সমিতিৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগতে বিশেষ অভিনন্দন অনুষ্ঠান উদযাপন

barkuriha

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ বৰভাগৰ অন্তৰ্গত বৰকুৰিহা গাঁওৰ বুৰঞ্জী প্ৰসিদ্ধ পুণ্যতীৰ্থ গংগাপুখুৰীৰ পাৰত স্বাধীনতা দিৱস উদযাপনৰ লগতে ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা গাঁওখনৰ ছাত্ৰ- ছাত্ৰী সকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। গংগাপুখুৰী বৰকুৰিহা উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে উন্নয়ন সমিতিৰ সভাপতি দ্বীজেন দাসে। গছপুলি ৰোপণ কৰে জ্যেষ্ঠ সমাজকৰ্মী অমৃত দাসে। বিশিষ্ট শিক্ষাবিদ ড° বীৰেন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নেতা অমল ডেকা, সাংবাদিক দণ্ডী ৰাম দাস আৰু বৰকুৰিহা বিদ্যা মন্দিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিজয়া মহন্ত। সভাত আমন্ত্ৰিত অতিথি দ্বয়ে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত লক্ষ্যৰ লগতে সমাজ জীৱনত অৱদান আদি সম্পৰ্কে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে অন্ঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী ক্ৰমে স্মিতা দেৱী, ধনজিৎ ৰায়মেধি, প্ৰবাল কলিতা, মনালী কলিতা, ধীৰুমনি মিশ্ৰ, জুবিন শৰ্মা, পৰীস্মিতা মহন্ত, ঋতুস্মীতা দেৱী, জুব্লী কলিতা, হীৰক তালুকদাৰ, দ্বীপজ্যোতি বেজবৰুৱা, মৌচুমী পাটগিৰি আৰু ছায়ালীনা কলিতাক সম্বৰ্ধনা পত্ৰ আৰু শিক্ষা উপযোগী কিতাপেৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত স্থানীয় কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে দেশপ্ৰেমমূলক সমবেত সংগীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে।  প্ৰাক্তন ছাত্ৰ নেতা তথা গাওঁ উন্নয়ন সমিতিৰ সম্পাদক ললিত চন্দ্ৰ মেধিয়ে আঁত ধৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই শিক্ষক তথা  বৰকুৰিহাৰ বিশিষ্ট সমাজকৰ্মী মুকুল তালুকদাৰে।

Your Comments