জমিৰ উদ্দিন তালুকদাৰ, ডবকা :
ডবকাৰ দীঘল জাৰুণী বনাঞ্চলত এগৰাকী যুৱতীক চাৰি নৰপিশাচে ধৰ্ষণ কৰি ধৰ্ষণৰ ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল কৰাৰ চাঞ্চল্য মাৰ নাযাওতেই পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা ৷ এইবাৰ এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীক বলাৎকাৰৰ অপচেষ্টা তিনি দুৰ্বৃত্তৰ ৷ যোৱা বুধবাৰে সন্ধিয়া আঠমান বজাত তিনি দুৰ্বৃত্তই মুখত কলা কাপোৰ বান্ধি দীঘল জাৰুণী গাঁৱৰ ১২ বছৰীয়া কিশোৰী ছাত্ৰী এগৰাকীক নিজ ঘৰৰ পৰাই ওৰণিৰে মুখ বান্ধি খেতি পথাৰৰ মাজেৰে আধা কিলোমিটাৰ বাট চোচোৰাই নিৰ্জন ঠাইত নি বলাৎকাৰৰ অপচেষ্টা চলায় ৷ কিশোৰী গৰাকীৰ চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা কিশোৰী গৰাকীক বোকাৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ কিশোৰী গৰাকীক অপহৰণ কৰি নি বলাৎকাৰ কৰি কাষৰ যমুনা নৈত উটুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৷ সিদিনা ৰাতি কিশোৰী গৰাকীৰ পিতৃ আৰু ভাতৃ মছজিদত নামাজ পঢ়িবলৈ যোৱাৰ পিচতেই সংঘটিত হৈছিল এই ঘটনা ৷ বলাৎকাৰ কৰাৰ চেষ্টা কৰোতে টনা-আজোৰাত কিশোৰী গৰাকীৰ মূৰতো আঘাত কৰিছে দুৰ্বৃত্তৰ দলটোৱে ৷ অৱশ্যে ৰাইজৰ উমান পায় ঘটনাস্থলিৰ পৰা পলায়ন কৰে তিনি দুৰ্বৃত্তই ৷ নিশা স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ডবকা আৰক্ষী থানাত খবৰ দিয়াত ডবকা আৰক্ষীয়ে কিশোৰী গৰাকীক চিকিৎসা প্ৰদান কৰে আৰু এই কাণ্ডৰ লগত জড়িত এজন নৰপিশাচক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মূল অভিযুক্ত গাড়ী চালক ইক্ৰাম হুছেইন নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে ৷
- Log in to post comments
- 17 views