মৰিগাঁও :
মৰিগাঁৱত বিদেশী ন্যায়াধীকৰনে বিদেশী বুলি ৰায়দান কৰাৰ পিছতেই আজি মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে এজন বাংলাদেশীক আটক কৰে। বিদেশী ন্যায়াধীকৰনে বিদেশী বুলি ৰায়দান কৰা বিদেশী জন হৈছে মিকিৰভেটা আৰক্ষীৰ থানাৰ অন্তৰ্গত বৰিবজাৰ গাঁৱৰ হাচেন আলীৰ পুত্ৰ সমৰ আলী। উল্লেখ্য যে মৰিগাঁও তিনি নং বিদেশী ন্যায়াধীকৰণত দুই বছৰ ধৰি গোচৰ চলি থকাৰ অন্তত আজি ন্যায়াধীকৰনে এই ৰায় প্ৰদান কৰে। ধৃত বাংলাদেশী জনে আদালতত প্ৰত্যায়িত নথি যোগান ধৰিব নোৱাৰা বাবেই ন্যায়াধীকৰনে লোকজনক বাংলাদেশী বুলি ৰায়দান কৰে। ইয়াৰ পিছতেই মৰিগাঁও সীমান্ত শাখাৰ এটা আৰক্ষী দলে ততাতৈয়াকৈ বাংলাদেশী জনক আটক কৰি তেজপুৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 13 views