লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ দ্ৰুতগতিৰ আদালতে,শুকুৰবাৰে দিয়ে ঐতিহাসিক ৰায়দান।আদালতে তিনিজন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডসহ ১০ হাজাৰ টকাকৈ জৰিমনা বিহে। যাৱজ্জীৱন কাৰাদণ্ড বিহা অপৰাধীকেইটা ক্ৰমে হবিজুৰ ৰহমান, চইদুৰ ৰহমান আৰু চাহিদুৰ ৰহমান।আইপিচি ৩০২ ধাৰাত দিয়া হৈছে যাৱজ্জীৱন কাৰাদণ্ড।উল্লেখ্য যে ২০০৯ চনত লংকাৰ কাকীৰ জাজৰী ব্লকত এটা ভূমি বিবাদক কেন্দ্ৰ কৰি হাবিবুৰ ৰহমানৰ ঘৰত সোমাই তেওঁক হত্যা কৰিছিল ৯ জন দুৰ্বৃত্তই।তাৰে তিনিজন অভিযুক্তক শুকুৰবাৰে আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে।
- Log in to post comments
- 70 views