হোজাইৰ স্বাৰ্থেগাৱত ১১আগষ্টৰ পৰা বিদ্যুৎ নোপোৱাত স্হানীয় ৰাইজৰ  ক্ষোভ 

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

বিদ্যুৎৰ মাচুল নিয়মীয়াকৈ দিয়াৰ পিছতো যেন সুচাৰু ৰূপে বিদ্যুৎ নাপাই গ্ৰাহকে | তেনে এক ঘটনাই সংঘটিত হৈছে, হোজাই জিলাৰ লংকা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত বৃহত্তৰ নখুটীৰ স্বাৰ্থেগাৱ নামৰ অঞ্চলটোত | বিগত ১১ আগষ্টৰ পৰা শক্তি  বিভাগে বিদ্যুৎ কৰ্তন কৰি থোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে। |আনকি লংকাৰ বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত কান্তৰল
 ৰোমলৈও স্হানীয় ৰাইজে টেলিফোন যোগে  ঘটনা সন্দৰ্ভত অৱগত কৰাইছে যদিও কোনো গুৰুত্ব নিদিয়াৰ এক অভিযোগ উঠিছে | আনকি উক্ত অঞ্চলত ৬ দিন ধৰি বিদ্যুত নথকাত বহি: অঞ্চলৰ লগতো যোগাযোগহীন এক অৱস্থাত থাকিবলগীয়া হৈছে।জিলা প্ৰশাসন তথা লংকা বৈদ্যুতিক উপ সংমণ্ডলৰ ওচৰত  অতি সোনকালে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায়।

Your Comments