সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো ৭২সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰা হয় । ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ।
মহকুমাধিপতিগৰাকীয়ে ৰাষ্টীয় পতাকা উত্তোলন কৰি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ৷ তেওঁ লগতে ৰঙিয়া মহকুমাৰ ক্ষেত্ৰত চৰকাৰে পকী দলং নিৰ্মাণৰ প্ৰস্তাৱ লোৱাৰ লগতে ৰাস্তা-ঘাট আৰু চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱ লোৱা বুলি প্ৰকাশ কৰে ।
উক্ত অনুষ্ঠানত মুক্তিযোদ্ধা কৃষ্ণ লহকৰক সম্বৰ্ধনা জনোৱাৰ লগতে কেইবাগৰাকীও আৰ্দশ কৃষক আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।
অসম আৰক্ষীৰ নেতৃত্বত ৰঙিয়া মহাবিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়, ৰঙিয়া উচ্চতৰ মাধ্যামিক মাধ্যামিক বিদ্যালয়, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যামিক বিদ্যালয়, ৰঙিয়া হাইমাদ্ৰাছা, আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, মডাৰ্ণ ইংলিছ স্কুল, ফাতেমা কনভেণ্ট, চাৰ্চ পাব্লিক স্কুল, শংকৰ-আজান বিদ্যালয়, জামতোলা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে মাৰ্চপাষ্টট অংশগ্ৰহণ কৰে ।
ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ঘোষা পৰিবেশন কৰাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে ।
অনুষ্ঠানত মডাৰ্ণ ইংলিছ স্কুলৰ ঝুমুৰ নৃত্য, জৱাহৰ নৱোদয় বিদ্যালয়ে মণিপুৰী নৃত্য পৰিবেশন কৰাৰ লগতে জিকিৰ, খেৰাই আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰা হয় ।
আনহাতে, মাৰ্চপাষ্টত ৰঙিয়া মহাবিদ্যালয়ে প্ৰথম স্থান, শংকৰ-আজান বিদ্যালয়ে দ্বিতীয় আৰু জৱাহৰ নৱোদয় বিদ্যালয়ে তৃতীয় স্থান দখল কৰে ৷
- Log in to post comments
- 40 views