হাজোত "স্মৃতিৰ ৰহঘৰা" উন্মোচন

hajo

হাজোৰ পৰা কমলা কান্ত দাসৰ প্রতিবেদন :

হাজোৰ  বৃহত্তৰ বামুন্দী অঞ্চলৰ খ্যাত-অখ্যাত বহু লোকৰ  চমু জীৱনী গ্ৰন্থৰ ৰূপেৰে সজাই বামুন্দী হাইস্কুলৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী  নগেন্দ্ৰ চন্দ্ৰ দাসে লিখি উলিওৱা " স্মৃতিৰ ৰহঘৰা" নামৰ গ্ৰন্থখন সোমবাৰে উম্মোচন কৰে বিশিষ্ট সাহিত্যিক  হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যই। বামুন্দী তৰুণ সংঘ আৰু পুথিভঁৰালৰ সহযোগত নাৰাযণ চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ সভাপতিত্ব  সোমবাৰে আবেলি বামুন্দী হাইস্কুলত অনুষ্ঠিত হয় উক্ত গ্ৰন্থ উম্মোচনী সভাখন।সভাত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা  হৃষীকেশ গোস্বামী, হাজোৰ বিধাযিকা সুমন হৰিপ্ৰিয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ নেতা শংকৰ দাসৰ লগতে অঞ্চলটোৰ বহু লোক আজিৰ গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে।আজিৰ এই সভা খনতেই গ্ৰন্থখনৰ লেখক শিক্ষাবিদ,সমাজ কৰ্মী নগেন্দ্ৰ চন্দ্ৰ দাসৰ ৯০ সংখ্যক জন্মদিন হোৱা হেতুকে সমজুৱাৰ ফালৰ পৰা দাসক ফুলাম গামোছা,জাপি, শৰাই,আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লিখক দাসে তেখেতৰ ৯০ বছৰীয়া জন্মদিনত বামুন্দীৰ ৰাইজক এখন অতি মূল্যবান গ্ৰন্থ উপহাৰ দিলেও সভাত উপস্থিত সকলোৱে তেখেতৰ শলাগ লয়।উল্লেখ্য যে আজিৰ অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে নবজ্যোতি দাসে আৰু সভাৰ আঁত ধৰে বিপুল দাসে।

Your Comments