হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
ৰাজ্যত সংঘটিত হ'ব ধৰা এটাৰ পিছত আনটো শিহৰণকাৰী দলবদ্ধ ধৰ্ষণৰ ঘটনাই সকলোকে চিন্তিত কৰি ৰখাৰ সময়তে শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণৰ ঘটনা।এইবাৰ ধৰ্ষণকাৰীয়ে কেবল দলবদ্ধ ধৰ্ষণতে ক্ষান্ত নাথাকি ধৰ্ষণৰ ভিডিঅ ভাইৰেল কৰিলে হোৱাটছ এপত ।এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ মাইলুত ।ঘটনা অনুসৰি ,স্বামীৰ পৰা বিচ্ছেদ হৈ বহি ৰাজ্যৰ এই গৰাকী মহিলা কৰ্মসূত্ৰে আহি উপস্থিত হৈছিল পশ্চিম কাৰ্বিআংলঙত। সোমবাৰে সন্ধিয়া মহিলা গৰাকীয়ে হঠাৎ লগ পাইছিল অঞ্চলটোৰ চাৰি যুৱক ক্ৰমে ৰাজেশ চৌহান,চন্দন চৌহান,চন্দিকা চৌহান,অজয় লোহাৰক।পিছত এই চাৰি যুৱকে কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনৰে মহিলা গৰাকীক মাইলুৰ চন্দন চৌহানৰ ঘৰলৈ লৈ যায় আৰু নিশা মহিলা গৰাকীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাতে ক্ষান্ত নাথাকি অপকৰ্মৰ সমগ্ৰ দৃশ্য আবদ্ধ কৰে মোবাইলত ।
ইফালে,পুৱা কাকী ৰামপুৰৰ ৰাজেশ চৌহান নামৰ লম্পটোৱে মহিলা গৰাকীক কৌশলৰে লৈ আনি কাকীৰ এজন ব্যক্তিৰ সৈতে বিবাহ কৰাই দিয়াৰ লগতে দলবদ্ধ ধৰ্ষণৰ ভিডিঅ হোৱাটছ এপ যোগে নিজ আত্মীয়লৈ প্ৰেৰণ কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । ঘটনাটো পোহৰলৈ অহাত হোজাই জিলাৰ এগৰাকী অধিবক্তাই নিজাববীয়াকৈ কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।গোচৰ ৰুজু হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই কাৰ্বিআংলঙৰ মাইলু আৰু কাকীৰ পৰা ঘটনাটোত অভিযুক্ত চাৰি লম্পটক গ্ৰেপ্তাৰ কৰে ।
- Log in to post comments
- 30 views