শিৱসাগৰৰ কিঙ্কিনী ভড়ালীয়ে লাভ কৰিলে মিছ কিডচ্ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০১৯ খিতাপ

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

সাংস্কৃতিত নগৰী শিৱসাগৰৰ কিঙ্কিনী ভড়ালীয়ে লাভ কৰিলে মিছ কিডচ্ ইণ্ডিয়া ইণ্টাৰলেচনেল ৱৰ্ল্ড ২০১৯ খিতাপ। দেওবাৰে গুৱাহাটীৰ আই টি এ মাছখোৱাত গামোচা মেগা এন্টাৰটেইন্টমেন্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা ইণ্টাৰনেচনেল ষ্টাৰ আইকন ছিজন ৩ ত মিছ কিডচ্ ইম্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০১৯ ৰ খিতাপ অৰ্জন কৰে। সমগ্ৰ ভাৰতৰ ১০০ৰো অধিক প্ৰতিযোগীৰ ভিতৰত কিঙ্কিনী ভড়ালীয়ে এই খিতাপ অৰ্জন কৰি অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে। sib

ভাস্কৰ ভড়ালী আৰু বৰ্ণালী দত্ত ভড়ালীৰ কন্যা কিঙ্কিনী ভড়ালী সৰুৰে পৰা মডেলিংৰ প্ৰতি আগ্ৰহী আছিল। কিঙ্কিনীৰ পিতৃ কৰ্মসুত্ৰে বৰ্তমান ডুমডুমাৰ বাসিন্দা। কিঙ্কিনী তিনিচুকীয়াৰ গুৰু টেগ বাহাদুৰ একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী। 

কিঙ্কিনীৰ এনে সাফল্যত শিৱসাগৰবাসীৰ লগতে ডুমডুমাবাসীয়েও আনন্দ প্ৰকাশ কৰাৰ লগতে কিঙ্কিনী ভড়ালীৰ ভৱিষ্যত জীৱন উজ্জল কামনা কৰিছে।

Your Comments