সোণাইপামত গাঁওবাসীৰ  যাতায়তৰ সুবিধাৰ বাবে নাওৰ ব্যৱস্থা বিধায়ক পদ্ম হাজৰিকাৰ

padma

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক্ৰাত গাওঁ পঞ্চায়তৰ অন্তৰ্গত সোণাইপামত সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে এখন নাও। উল্লেখ্য যে সোণাইপামৰ ৰঙাজান আৰু মেহেৰবস্তিত যোগাযোগৰ একমাত্ৰ ব্যৱস্থা হৈছে নাও।জীয়াভৰলী নৈৰ বুকুৰে গাওঁবাসীৰ যাতায়াতৰ সুবিধাৰ  বাবে বিধায়কগৰাকীয়ে এই ন‍াওখন আনুষ্ঠানিকভাৱে মুকলি কৰে।লগতে নাওখনত উঠি এপাক ভ্ৰমণ কৰে বিধায়কগৰাকীয়ে ।

Your Comments