শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
যোৱা ২ জুলাইৰ পৰা শিৱসাগৰ চহৰৰ এজন ২৭ বছৰীয়া যুৱক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। নিৰুদিষ্ট যুৱক জনৰ নাম অমৃত কৰ্মকাৰ। শিৱসাগৰ চহৰৰ লাচিত নগৰৰ বাসিন্দা স্বপন কৰ্মকাৰৰ পুত্ৰ আমৃত কৰ্মকাৰে যোৱা ২ জুলাই দুপৰীয়াই ঘৰৰ পৰা ওলাই আহি আজি পৰ্য্যন্ত ঘৰলৈ উভতি যোৱা নাই। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোজাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই অমৃতৰ। অমৃতৰ পৰিয়ালে অমৃত নিৰুদ্দেশ হোৱা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও বৰ্ত্তমানলৈ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।
অতি অমায়িক স্বভাৱৰ যুৱকজন আজি এসপ্তাহ ধৰি ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াও সমগ্ৰ ঘটনাটোক সহজ ভাৱে ল'ব পৰা নাই। প্ৰায় ৫ ফুট উচ্চতাৰ যুৱকজনে নীলা টি চাৰ্ট আৰু কলা লং পেন্ট পৰিধান কৰি আছিল। কোনো সদাশয় ব্যক্তিয়ে উক্ত যুৱক জনৰ কিবা সন্ধান পালে শিৱসাগৰ আৰক্ষী থানাত নতুবা ৯৮৫৪১০৬৮২৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকজনৰ পৰিয়াল বৰ্গই।
- Log in to post comments
- 16 views