নলবাৰীৰ লৰমা বঁটাকুছিত হাইব্ৰিড বৰোধানৰ উৎপাদনত ব্যাপক সাফল্য

hybrid

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাকৃতিক দুৰ্যোগে কৃষকসকলক মাধমাৰ সোধালেও একাংশ কৃষকে মানসিক দৃঢ়তাক সম্বল হিচাবে লৈ কৃষি ক্ষেত্ৰত আত্মানিয়োগ কৰিছে৷ নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ কৃষি খণ্ডৰ অন্তৰ্গত লৰমা বটাঁকুছিৰ লখিমী পথাৰ পৰিচালনা সমিতিৰ তেনেকুৱা কিছু সংখ্যক কৃষকে এইবেলি অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা যোগান ধৰা সোনা হাইব্ৰিড বৰোধানৰ বীজ ৰোপণ কৰি সাফল্য অৰ্জন কৰিছে৷ উল্লেখযোগ্য যে পথাৰ পৰিচালনা সমিতিখনৰ সভাপতি পোহৰ আলীৰ নেতৃত্বত আৰু ঘগ্ৰাপাৰ কৃষি খণ্ডৰ কৃষি সম্প্ৰসাৰণ কৰ্মী প্ৰণৱ তালুকদাৰৰ সহযোগত অঞ্চলটোৰ প্ৰায় ২৪ গৰাকী কৃষকক উক্ত ধানৰ বীজৰ যোগান ধৰিছিল৷ আনহাতে বীজৰ লগতে কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলক পচন সাৰ, কীটনাষক ঔষধ, স্প্ৰে মেচিন আদিৰো যোগান ধৰিছিল৷ ইয়াৰোপৰি বিভাগটোৰ ফালৰ পৰা মাজে মাজে কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰতি ল’বলগীয়া যত্নৰ বিষয়ে সজাগ কৰি দিছিল৷ প্ৰায় আশি বিঘা মাটিত কৰা উক্ত ধানখেতিৰ উৎপাদন দেখি সকলো কেইজন কৃষক উৎসাহী হৈ পৰিছে৷ চৰকাৰে কৃষকৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চয় দেশ শস্য উৎপাদনত চহকী হ’ব৷ কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি প্ৰতিটো চৰকাৰী আঁচনিৰ পৰা প্ৰকৃত কৃষক বঞ্চিত হৈ আছে৷ এইসকল কৃষকে আক্ষেপ কৰি সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰিলে তেওঁলোক বেচি উৎসাহী হ’ব৷ তদুপৰি এইসকল কৃষকৰ বেচিভাগে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি আঁচনিৰ অন্তৰ্ভুক্ত নহ’ল৷ উক্ত কৃষকসকলৰ আটাইকেইজনে উক্ত আঁচনিৰ অধীনত সামৰি ল’লে পৰম উপকাৰ হ’ব বুলি অঞ্চলৰ ৰাইজে মত পোষণ কৰিছে৷

Your Comments