নৰেন শৰ্মা,বাহাৰঘাট,
৭জুলাই ::নলবাৰীৰ জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ অৰৰাত যোৱা নিশা সংঘটিত এক আক্ৰমণৰ ঘটনাৰ ফলত একেটা পৰিয়ালৰ ছয় জনকৈ সদস্য আক্ৰমণৰ বলি হৈ বৰ্তমান চিকিৎসাধীন হ'বলগীয়া হোৱা ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ কমৰ আলীৰ পুত্ৰ ছহিদুল ইছলামে একেখন গাঁৱৰে জামাল আলীৰ কন্যাৰ সৈতে প্ৰেমৰ অবৈধ সম্পৰ্ক কৰাত জামালৰ কন্যাই অবৈধ মাতৃত্বৰ বোজা বহন কৰিব লগা হয়। অবশ্যে এই সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল অভিযুক্ত ছহিদুল ইছলামে। ইয়াৰ ফলত পৰবৰ্তী সময়ত আইনৰ সহায় লৈছিল জামাল আলীৰ পৰিয়ালে ।
কিন্তু যোৱা কালি শুনানীৰ দিন থকাৰ দিনাই অভিযুক্ত যুৱক জনৰ পৰিয়ালে জামালৰ পৰিয়ালক আক্ৰমণ কৰে । যাৰ পৰিনতিত আহত হয় জামাল আলীৰ ঘৰৰ ছয় জনকৈ সদস্য৷ উল্লেখ্য যে আক্ৰমণৰ সময়ত কমৰ আলীৰ পৰিয়ালে চোকা ডেগাৰ , ৰড আদি ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।
আহত আটাইকেইজনকে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।আজিৰ এই আক্ৰমণত জামাল আলী , চাইফ আলী , জয়নাল আলী , চাদ্দাম আলী , চালম আলী আৰু চাজিদা খাতুন আহত হোৱা বুলি জানিব পৰা হৈছে। সমগ্ৰ অঞ্চলটোতে এই ঘটনাই এক চেপা উত্তেজনা কঢ়িয়াই আনিছে যদিও কোনো এটা পক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক বৰ্তমানলৈ অৱগত কৰা নাই বুলি জানিব পৰা গৈছে
- Log in to post comments
- 56 views