বঙাইগাঁওঃ৭ জুলাইঃ
বঙাইগাঁও জিলা প্ৰশাসনৰ জুলাই মাহৰ জিলা উন্নয়ন সমিতিৰ সভাখন শনিবাৰে অনুষ্ঠিত হৈ যায় । বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰসভাৰ আৰম্ভণিতে বম্বে'নেচাৰেল হিষ্ট্ৰী ছ'চাইটি( Bombay Natural History Society , BNHS) ৰ পৰা অহা তিনিজনীয়া দলটোৰ সদস্যা চন্দামিতা দাসৰ সহযোগীতাত জীৱ বিজ্ঞানী ৰৌণক ঘোষে ক্ৰমাৎ বিলুপ্তিৰ দিশত আগবঢ়া 'শগুন'ক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বঙাইগাঁও জিলাখনতো জীয়াই ৰখাৰ বাবে প্ৰায়োজনীও পদক্ষেপ তথা সংৰক্ষণ কৰাৰ ওপৰত সকলোকে গুৰুত্ব দিবলৈ আহ্বান জনাই মন্তব্য আগবঢ়ায় ৷
লগতে সেই সম্পৰ্কত প্ৰজেক্টৰৰ সহায়ত আলোক চিত্র প্ৰদৰ্শন কৰি তাৰ ওপৰত কিছু মতামত ডাঙি ধৰি চমু সজাগতামূলক বক্তব্যৰ সামৰণি মাৰে আৰু প্ৰশাসনৰ পৰা সহায় সহযোগিতা কামনা কৰে। এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দি সভাত উপস্থিত থকা সংশ্লিষ্ট বিভাগসমূহক বিষয়টোক গুৰুত্বসহকাৰে লোৱাৰ নিৰ্দেশ দিয়ে আৰু ওচৰ- চুবুৰীয়া এলেকাসমূহত শগুনৰ ৰক্ষণা-বেক্ষণৰ ওপৰত সজাগতা জগাই তোলাৰ বাবে আহবান জনায় । ইয়াৰ পিছত সভাত উপায়ুক্তগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ অধীনত ৰূপায়িত হৈ থকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ধনেৰে কৰা উন্নয়নৰ কাম-কাজসমূহৰ খতিয়ান লয়। এই সভাত উপায়ুক্তগৰাকীয়ে কেইটামান বিশেষ বিভাগ যেনে- জনস্বাস্থ্য কাৰিকৰী, মীন,গড়কাপ্তানি ( পথ) গড়কাপ্তানি ( গৃহ ) ৰাষ্ট্ৰীয় ঘাইপথ , বৈধ পৰিমাণ বিজ্ঞান , পশু চিকিৎসা , কৃষি , জল সম্পদ , জলসিঞ্চন, বৈদ্যুত বিভাগ আদিৰ অধীনত চলি থকা কাম-কাজ সমূহত চোকা নজৰ দিয়ে। এই বিভাগ সমূহৰ উন্নয়নৰ খতিয়ান পৰীক্ষা কৰি তেওঁ কয় য়ে সময়মতে আঁচনিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ মূলতে হ'ল বিভাগীয় কৰ্মচাৰীৰ দায়িত্ব পালনত চৰম গাফিলতি ৷
সেয়ে তেওঁ সংশ্লিষ্ট বিভাগ সমূহক চৰকাৰৰ প্ৰতিটো আঁচনিৰ কাম গুৰুত্ব সহকাৰে লৈ চৰকাৰী নিয়মানুসৰি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্ত খানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তাক এছ বি এম-জি আঁচনিৰ অধীনত নিৰ্মাণ কৰা আইএইচএইচএল (IHHL) ৰ আধৰুৱা হৈ থকা জিঅ'-টেগিং (Geo Tagging)ৰ কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ লগতে ১৫ দিনৰ সময়সীমা বান্ধি দিয়ে। ইপিনে সভাত জিলা কৃষি বিষয়াই সদৰি কৰা অনুসৰি ২০১৮-১৯ বৰ্ষত কৃষকক ভূমি স্বাস্থ্য কাৰ্ড( Soil Health Card) প্ৰদানৰ যি নিৰ্ধাৰিত লক্ষ্য আছিল সেয়া ১০০ শতাংশ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ।
এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে কয় যে আমি জনসাধাৰণক সহায় কৰাৰ বাবে ৰৈ নেথাকি আগুৱাই যাব লাগে । এই সভাত গড়কাপ্তানি ( পথ) বিভাগৰ পথৰ কাম সম্পুৰ্ণ কৰিব নোৱাৰাৰ মূলতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা স্থানান্তৰিত কৰিব লগা ট্ৰেন্সফৰ্মাৰসমূহ স্থানান্তৰিত নকৰাৰ ফলত পলম হোৱা বুলি জানিব পাৰি উপায়ুক্তগৰাকীয়ে বিদ্যুৎ বিভাগক এই কাম অতি সোনকালে জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবই লাগিব বুলি নিৰ্দেশ দিয়ে। উপায়ুক্তই বিভাগ সমূহক যিসকল ঠিকাদাৰৰ হেমাহীৰ বাবে ৰাইজৰ সেৱাত আগবঢ়াবলগীয়া কামবোৰ স্থগিত আৰু অসম্পূৰ্ণ হৈ আছে সেই সকলক কামৰ পৰা আঁতৰাই নতুন ঠিকাদাৰ নিয়োগ কৰাৰ বাবে বিভাগসমূহক নিৰ্দেশ দিয়ে। জিলা উপায়ুক্তগৰাকীয়ে সভাত ঘনে ঘনে বিদ্যুৎ কৰ্তন আৰু লোড ছেডিঙৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিদ্যুৎ বিভাগক বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ কয় ৷
উপায়ুক্ত গৰাকীয়ে আৰু কয় যে বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্গত জনসাধাৰণক সদায় সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰস্তুত থাকিব লাগে আৰু তাৰ বাবে প্ৰতিটো বিভাগক নিষ্ঠাৰে বিভাগীয় দায়িত্ব পালন কৰি যাবলৈ কৈ অসমৰ মুখ্য মন্ত্রী আৰু ভাৰতৰ প্ৰধান মন্ত্রীয়ে মুকলি পৰা পৰিস্কাৰ আৰু সেউজ অসম গঢ়াৰ বাবে সকলোকে আগবাঢ়ি যাবলৈও কয় । এই সভাত বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমি, অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে অনুপম ডেকা, অৰূপ শৰ্মা আৰু ধ্ৰুৱজ্যোতি দাস , বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰত্ন বসুমতাৰীৰ উপৰিও বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে
- Log in to post comments
- 27 views