আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :
গোৱালপাৰা জিলাৰ মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ কাৰ্যালয় প্ৰাঙ্গনত দেঁওবাৰে মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্হা , ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সৌজন্যত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তি ছাত্ৰ - ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।
মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ সভাপতি জানাৰ্দন ৰাভাৰ সভাপতিত্বত ছাত্ৰ নেতা ইদেন ৰাভাই আঁত ধৰা সম্বৰ্ধনা সভাখনত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা জুতিকা ৰাভা , বায়দা মহাবিদ্যালয়ৰ অধ্যক্ষ শান্তাৰাম ৰাভা , নিখিল ৰাভা ছাত্ৰ সন্হাৰ আলোচনী সম্পাদক জয়চন্দ্ৰ ৰাভা , ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰজামাল শিকদাৰ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে কৃৰ্তি ছাত্ৰ - ছাত্ৰী সকলক উদ্দেশ্যি উদগনি মুলক ভাষণ আগবঢ়ায় ! অনুষ্ঠানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ মুঠ ন' গৰাকী কৃতি ছাত্ৰ - ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক সকলকো অভিনন্দন জনোৱা হয় ।
- Log in to post comments
- 8 views