জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
তেজপুৰ সকলোৰে হেঁপাহৰ নগৰ।সাংস্কৃতিক নগৰ খ্যাত তেজপুৰ চহৰ বহু ঐতিহাসিক সম্পদেৰে ভৰপূৰ।শিলে কথা কোৱা তেজপুৰতেই কলপাৰ্ক, অগ্নিগড়কে ধৰি বহু উদ্যান। ভাৰতৰ ভিতৰতে এখন উল্লেখযোগ্য পৰিস্কাৰ চহৰ তেজপুৰ।প্ৰাচীণ কালত বাণ ৰজাই ৰাজত্ব কৰা তেজপুৰত সিচঁৰিত বিভিন্ন ভাস্কৰ্য্য সামৰি স্থাপন কৰা হৈছিল চিত্ৰলেখা উদ্যান তথা কলপাৰ্ক ।
বহুতৰ বাবে তেজপুৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কলপাৰ্ক তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজৰ অধীনত আছে আৰু জিলা প্ৰশাসনে ইয়াক নিয়ন্ত্ৰণ কৰে। তেজপুৰৰ কলপাৰ্কৰ ভিতৰৰ পৰিৱেশ বৰ্তমান অতি অপৰিচ্ছন্ন।পুখুৰীত নানা আৱৰ্জনাৰ দম ,বাটে-পথে পৰি থকা জাবৰে কলপাৰ্কত কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে।
তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজ আৰু জিলা প্ৰশাসনে মাজে-সময়ে চূণ-তেল লগাই কলপাৰ্কৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ চেষ্টা চলায়।কিন্তু,তাক সন্তোষজনক বুলি কেতিয়াও ক'ব নোৱাৰি।তেজপুৰৰ সচেতন ৰাইজে কলপার্কখনক সকলো সময়তে পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজ আৰু জিলা প্ৰশাসনক দাবী জনাইছে।
- Log in to post comments
- 30 views