নগাঁও জিলাত এটা জৰাজীৰ্ণ পথঃ জীয়াতু ভুগিছে ৰাইজ

road

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ বেঙেনাআটি গাওঁপঞ্চায়তৰ ৭ আৰু ৬ নং ৱাৰ্ডৰ মৰিকলং কলংপাৰৰ ২.৫ কিলোমিটাৰ দৈৰ্ঘৰ এটা জৰাজীৰ্ণ পথটো মেৰামতিৰ অভাৱত যাতায়াতৰ বাবে সম্পূৰ্ণ অনুপযুক্ত হৈ পৰিছে। পৰিতাপৰ বিষয় যে, বেঙেনাআটি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ নিচেই কাষতে পাৰ হৈ যোৱা এই পথছোৱা দীৰ্ঘদিন মেৰামতিৰ অভাৱত খলা বমা সদৃশ গাতৰ সৃষ্টি হোৱাৰ লগতে বোকাময় হৈ পৰিছে। এই পথটোৰ যোগেদি দৈনিক স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয় যাবলৈ আৰু সৰ্বসাধাৰণ ৰাইজে নগাঁও চহৰলৈ বিভিন্ন কাম অথবা চৰকাৰী কাৰ্যালয়লৈ আহ যাহ কৰাত বহু কষ্টৰ সন্মুখীন হব লগা হৈছে। তদুপৰি সংকটজনক অৱস্থাত ৰোগীক চিকিৎসালয়লৈ নিবলৈ হ’লে  বিধ্বস্ত পথৰ বাবে ১০৮ মৃত্যুঞ্জয় সেৱাৰ পৰাওঁ অঞ্চলটোৰ ৰাইজ বঞ্চিত হ’ব লগা হৈছে। ফলত ৰাইজে ঠেলা বা ট্ৰেক্টৰৰ সহায়ত ৰোগীক ঘাই পথলৈ উলিয়াই নিব লগা হৈছে। উল্লেখ্য যে বেঙেনাআটি  জিলাখনৰ ভিতৰতে কৃষি প্ৰধান অঞ্চল। ইয়াত বিভিন্ন ধৰণৰ শাক পাছলি, ষ্ট্ৰবেৰি, নেমু আদি প্ৰচুৰ পৰিমাণে উৎপাদন হয়। এই  উৎপাদিত শাক পাচলিয়ে নগাঁৱৰ বজাৰ লগতে আন আন জিলাতো বিশেষভাৱে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান কৃষক সকলে বিধ্বস্ত পথৰ বাবে কিছু বাধাৰ সন্মুখীন হব লগা হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত পথটো মেৰামতিৰ বাবে কিছু ধন আবন্টন হৈছিল যদিওঁ সেই ধনৰ সঠিক ৰূপত ৰূপায়ন নোহোৱাত পথটো মেৰামতিৰ ক্ষেত্ৰত ৰাইজে সুফল নাপালে।  উল্লেখ্য যে এই পথটো পকীকৰণৰ ব্যৱহাৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক অঞ্চলটোৰ কৃষক তথা ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে পকীকৰণৰ ব্যৱহা গ্ৰহণ নকৰাত ৰাইজে উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰে। বৰ্তমান সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন চৰকাৰক  শীঘ্ৰে জৰাজীৰ্ণ পথটো চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰি পকীকৰণৰ ব্যৱহা কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।

Your Comments