জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ৭ জুলাই
শোণিতপুৰৰ ৰঙাপৰাত যোৱা কেইবাদিনো ধৰি সন্ত্ৰাস চলাই অহা 'লাডেন' নামৰ বনৰীয়া হাতীটোক চিকিৎসা কৰাৰ উদ্দেশ্যৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিস্থিত ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই আজি ৰঙাপৰাত উপস্থিত হয় । ৰঙাপৰাৰ ২ নং নাহৰণী গ্ৰাণ্টত বিচৰণ কৰি থকা আঘাত প্ৰাপ্ত বনৰীয়া হাতীটোক প্ৰথমতে ট্ৰেঙকুলাইজ কৰে । দুবাৰকৈ ট্ৰেঙকুলাইজ কৰা বনৰীয়া হাতীটোক প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকী, দিলীপ নাথ, জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ, আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ উপস্থিতিত লোহাৰ ৰড সোমাই আঘাত প্ৰাপ্ত হোৱা হাতীতোৰ আঘাত প্ৰাপ্ত স্থানখিনি চিকিৎসক গৰাকীয়ে চাফ-চিকুন কৰি দিয়াৰ লগতে বিষ নিৰাময়ৰ বেজিও দিয়ে । অভিযোগ অনুসৰি প্ৰকাণ্ড বন্যহস্তীটোৰ দীঘল দাঁত কটাৰ পৰিকল্পনাৰে কোনো দুস্কৃতিকাৰীয়ে হাতী টোৰ গালৈ নিক্ষেপ কৰিছিল ৰড । পাছফালৰ বাঁওভৰিখনত সোমাই আছিল ৰড ডাল।আজি কেইবাদিনো ধৰি ভৰিখনৰ যন্ত্ৰণাত বন্যহস্তীটোৱে খোজ কাঢ়িব নোৱাৰি আৰ্তনাদ কৰি ইফালৰ পৰা সিফালে বিচৰণ কৰি ফুৰিছিল । এতিয়া বনৰীয়া হাতীটো ক্ৰমান্বয়ে সুস্থ হৈ উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।
- Log in to post comments
- 28 views