হোজাইত পুনৰ বাল্য বিবাহৰ ঘটনা, চাইল্ড লাইনে উদ্ধাৰ কৰিলে এগৰাকী ১৫ বছৰীয়া কিশোৰীক

hojai

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

হোজাই জিলাত যেন ক্ৰমাত বৃদ্ধি পাব ধৰিছে বাল্য বিবাহৰ ঘটনা | তেনে এক ঘটনাই পুনৰ সংঘটিত হ'ল লংকাৰ ভালুকমাৰীৰ পাণ্ডা বস্তীত |hojai2

পৰিয়ালৰ লোকে গোপনে এগৰাকী ১৫ বছৰীয়া কিশোৰীক বিয়া দিবলৈ উলাইছিল যদিও ,চাইল্ড লাইনে লংকা আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে  দাস উপাধিৰ কিশোৰী গৰাকীক।চাইল্ড লাইনে  উদ্ধাৰকৃত কিশোৰী গৰাকীক বৰ্তমানে নগাঁওস্থিত ষ্টেট হোমলৈ প্ৰেৰণ কৰিছে।

Your Comments