সুদক্ষ শিশু সাহিত্যিক তথা সুদক্ষ নামতী জামুগুৰিহাটৰ তিলোত্তমা দেৱীৰ পৰলোকপ্ৰাপ্তি 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ৭ জুলাই

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱৰ প্ৰখ্যাত শিশু সাহিত্যিক, সুদক্ষ নামতী তথা বিশিষ্ট সমাজকৰ্মী তিলোত্তমা দেৱীৰ (৯৪) কালি বিয়লি ২ বাজি ৫০ মিনিটত তেজপুৰ টাইমছ হস্পিতালত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ লগে লগে ৰাজ্যই এগৰাকী শিশু সাহিত্যৰ লেখক, সমালোচকক হেৰুৱালে বুলি অভিহিত কৰিছে জামুগুৰিহাটবাসী কৰিছে। দেৱীৰ মৃত্যুত জামুগুৰিহাটৰ সংস্কৃতিৰ বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে আজি গভীৰ শ্ৰদ্ধাঞ্জলী জনাই শোক প্ৰকাশ কৰে ।

Your Comments