শিৱসাগৰত পাঁচ শতাধিকৰ বিজেপিত যোগদান: কংগ্ৰেছী ৱাৰ্ড সদস্যয়ো বিজেপিলৈ

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :

ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি আজিৰে পৰা আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান। শিৱসাগৰ জিলা বিজেপিয়েও শনিবাৰে শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত শিৱসাগৰ বিধানসভা সমষ্টি ভিত্তিক এক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে। শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন যোগদান সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা এ পি ডি চি এলৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰুহিতে কয় দেশৰ প্ৰতিগৰাকী জনসাধাৰণৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে সম উন্নয়ন আৰু সম বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিছে। বিজেপিৰ বিকাশৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ সকলো শ্ৰেণীৰ ৰাইজে বিজেপি দলক আকোঁৱালি লৈছে। কংগ্ৰেছ দলক পৰিয়ালকেন্দ্ৰিক দল আৰু জনসাধাৰণক শোষণ কৰা দল বুলি অভিহিত কৰি ৰাজপুৰুহিতে আৰু কয় কংগ্ৰেছ হৈছে নকল গান্ধীৰ দ্বাৰা পৰিচালিত দল।

শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপিত যোগদান কৰা লোকসকলৰ উৎসাহ দেখি অহা বিধানসভা নিৰ্বাচনত ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ২০ হাজাৰৰো অধিক ভোটত জয়ী হ’ব বুলি তেওঁ উল্লেখ কৰে।  পুৰোহিতে আৰু কয়  শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক প্ৰণৱ গগৈৰ বাবেই শিৱসাগৰ বিধানসভা সমষ্টি ৰাজ্যৰ ১২৬ সমষ্টিৰ ভিতৰতেই পিছপাৰি ৰৈছে । শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক সমীৰ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত যোগদান সভাত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনি শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ লগতে আন কেইবাটাও সংগঠনৰ সদস্যৰ উপৰি পাঁচ শতাধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইফালে আজি বেতবাৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ কংগ্ৰেছী ৱাৰ্ড সদস্য মাণিক তাঁতীয়ে বিজেপিত যোগদান কৰে ।sib

উল্লেখ্য যে, যোৱা পঞ্চায়ত নিৰ্বাচনত বেতবাৰী গাঁও পঞ্চায়তত বিজেপিৰ চাৰিগৰাকী ৱাৰ্ড সদস্য জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা ছয়গৰাকী ৱাৰ্ড সদস্য বিজয়ী হৈছিল। তাৰে কংগ্ৰেছৰ ৫ নং ৱাৰ্ডৰ সদস্য মৰমী গগৈয়ে যোৱা ১৩ এপ্ৰিলত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ পাছত আজি পুনৰ কংগ্ৰেছৰ ৱাৰ্ড সদস্য মাণিক তাঁতীয়ে বিজেপিত যোগদান কৰাৰ পাছতেই বিজেপিৰ ৱাৰ্ড সদস্যৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পোৱাত বেতবাৰী পঞ্চায়তৰ উপ সভাপতিৰ পদটো বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিল। বেতবাৰী পঞ্চায়তৰ ৬ নং  ৱাৰ্ডৰ বিজেপি ৱাৰ্ড সদস্য কাশ্মিৰী চেতিয়া বুঢ়াগোহাঁইক বিজেপি দলে বেতবাৰী গাঁও পঞ্চায়তৰ উপ-সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে ।

ইফালে আজি বিজেপিত যোগদান কৰা কংগ্ৰেছী ৱাৰ্ড সদস্য মাণিক তাঁতীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু বিজেপি চৰকাৰৰ সম উন্নয়ন-সম বিকাশৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি জানিবলৈ দিয়ে।

Your Comments