গহপুৰৰ পৰা ৰডসহ চুৰি হোৱা ট্ৰেইলাৰ উদ্ধাৰ, ৬অভিযুক্তক আটক

gahpur

গহপুৰৰ প্ৰতিবেদক :

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে বুজন পৰিমাণৰ ৰডলৈ পশ্চিমবঙ্গৰ পৰা গহপুৰলৈ অহা এখন ট্ৰেইলাৰ আদবাটৰ পৰাই উধাও হোৱা কাণ্ডৰ লগত জড়িত এটা গভাইত চোৰৰ দল অৱশেষত জালত পৰিল আৰক্ষীৰ।উল্লেখ্য যে পশ্চিমবংগৰ মেডিনাপুৰৰ পৰা ৩০ টন ৰড লৈ অহা এন এল ০১ এল -৭১৪৫ নম্বৰ ১৮চকীয়া এখন ট্ৰেইলাৰ যোৱা ২০জুনত চুৰি হৈছিল গহপুৰৰ ব্ৰহ্মাজানৰ পৰা। উক্ত চুৰিকাণ্ডৰ বিষয়ে ট্ৰেইলাৰ খনৰ স্বত্বাধিকাৰী জাতা শংকৰ তিৱাৰীয়ে গহপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৫৬/১৯/৩৮৪ নম্বৰ  ধৰাত এটা গোচৰ ৰুজু কৰি চলাই আছিল তদন্ত।gahpur2

গহপুৰ আৰক্ষীয়ে উক্ত তদন্তৰ আঁত ধৰিয়েই যোৱা শুক্ৰবাৰে লক্ষিমপুৰ জিলাৰ পৰা  চুৰিকাণ্ডটোৰ মাষ্টাৰ মাইণ্ড গহপুৰৰ জিতু শৰ্মা নামৰ এজন সুৰা ব্যৱসায়ী সহ ৬জনকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। উক্ত ছয় অভিযুক্তৰ স্বীকাৰুক্তিৰ ভিত্তিত লক্ষিমপুৰৰ পৰাই ৩০টন ৰড আৰু ট্ৰেইলাৰখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান গহপুৰ আৰক্ষীৰ জিম্মাত থকা ৬অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে ৰডসহ ট্ৰেইলাৰ চুৰি কাণ্ডৰ মাষ্টাৰমাইণ্ড জিতু শৰ্মা পুৰ্বতেও অবৈধ অৰুনাচলী সুৰাৰ ব্যৱসায় সংক্ৰান্তত গ্ৰেপ্তাৰ হৈছিল। গহপুৰ হাজৰিকাচুকৰ নিবাসী জিতু শৰ্মাক আৰক্ষীয়ে মাৰাঠান জেৰা অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সবিশেষ জনোৱা নাই।

Your Comments