কাৰ ভূলৰ বাবে মেট্ৰিকৰ কম্পাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :


শিৱসাগৰত চেবাই অনুষ্ঠিত কৰা মেট্ৰিকৰ কম্পাৰ্টমেন্টেল পৰীক্ষাত বিসংগতি | একাংশ শিক্ষাগুৰুৰ ভুলৰ বাবেই শনিবাৰে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল শিৱসাগৰৰ অৰ্ধ শতাধিক শিক্ষাৰ্থী |

শনিবাৰে মেট্ৰিকৰ কম্পাৰ্টমেন্টেল পৰীক্ষাৰ হিন্দী বিষয়ৰ পৰীক্ষা দিবলৈ আহিছিল এইসকল পৰীক্ষাৰ্থী | শিৱসাগৰ জিলাৰ ২১ খন বিদ্যালয়ৰ ৪১ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা গৃহৰ পৰা ওলাই যাব কোৱা হ'ল, কাৰণ যোৱা দুই জুলাইতে সম্পন্ন হৈ গ'ল হিন্দী বিষয়ৰ পৰীক্ষা | কিন্তু নিজ নিজ বিদ্যালয়ত ৬ জুলাইত  হিন্দী বিষয়ৰ  পৰীক্ষা হ'ব বুলি জনাইছিল। কিন্তু পৰীক্ষা অনুষ্ঠিত হৈ গ'ল ২ জুলাইতে।উল্লেখ্য যে ২ জুলাইত হৈ যোৱা হিন্দী পৰীক্ষাত মুঠ ৪১ গৰাকী পৰীক্ষাৰ্থী অনুপস্থিত আছিল।

চেবাই প্ৰকাশ কৰিছিল দুখনকৈ পৰীক্ষা সূচী | সেই অনুসৰি বিদ্যালয়ৰ শিক্ষকে এইসকল পৰীক্ষাৰ্থীক ৬ জুলাইত হিন্দী পৰীক্ষা থকা বুলি অৱগত কৰিছিল |

কিন্তু শনিবাৰে এইসকল শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হয় হাঁহাকাৰৰ | জীৱনৰ বাবেই গুৰুত্বপূৰ্ণ এই পৰীক্ষাৰ পৰা বঞ্চিত হৈ এতিয়া এইসকল শিক্ষাৰ্থী দিশহাৰা |

এতিয়া প্ৰশ্ন হয়--আনৰ ভুলৰ বাবে এটা বছৰ হেৰুৱাব লগা হোৱা এইসকল পৰীক্ষাৰ্থীৰ কি হ'ব ? ন্যায় পাবনে পৰীক্ষাৰ্থীসকলে ? দোষীক কোনে শাস্তি দিব। বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

Your Comments