বঙাইগাঁওঃ ৬ জুলাইঃ
বঙাইগাঁও জিলাৰ বিদ্যুৎ সেৱাৰ সমস্যাসমূহ দূৰ কৰি বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ বাবে দাবী জনাই আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁওস্থিত বিদ্যুৎ বিভাগৰ মহা প্ৰৱন্ধকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ জিলা সমিতিৰ সাংগঠনিক সম্পাদক মৃদুল ৰায় আৰু সংগঠনটোৰ দক্ষিণ বইটামাৰীৰ সাংগঠনিক সম্পাদক গোলাপ ৰাজবংশী স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা মতে যোৱা কিছুদিন ধৰি জিলাখনাত সঘনাই বিদ্যুৎ কৰ্তন কৰাৰ ফলত জনসাধাৰণ তথা ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ লগতে বিদ্যুৎ সেৱাৰ ক্ষেত্ৰতো ব্যাপক খেলি মেলি দেখিবলৈ পোৱা গৈছে ৷ সেয়ে এই সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী জনায় ৷
আনহাতে অভয়াপুৰী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৃহত্তৰ বইটামাৰী অঞ্চলত দিনটোৰ প্ৰায়ভাগ সময়তে বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সংমণ্ডলটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰে ৷ সেয়ে উপ সংণ্ডলটোত দক্ষ বিষয়া - কৰ্মচাৰী নিযুক্তি দি গ্ৰাহক ৰাইজৰ সমস্যাসমূহ অনতি পলমে দূৰ কৰাৰ বাবে আহ্বান জনায় ৷
- Log in to post comments
- 10 views