সৰুপথাৰৰ পৰা নবীন বৰা,৭ জুলাইঃ-
ধনশিৰী মহকুমাৰ অসম নগালেণ্ড সীমান্তবৰ্তী উৰীয়ামঘাতস্থিত ৰেংমা সীমান্ত হাইস্কুলত ৰাজ্যখনৰ বনবিভাগৰ উদ্যোগত গোলাঘাট বন সংমণ্ডল ভিত্তিত ৭০সংখ্যক বন মহোৎসৱ সপ্তাহ ,২০১৯ উদযাপন কৰা হয়।উক্ত কাৰ্যসূচী উপলক্ষে গছ পুলি ৰোপণ আৰু সজাগতা সভাও অনুষ্ঠিত কৰা হয় । দিনৰ ১১ বজাৰ পৰা ৰেংমা সীমান্ত হাইস্কুলৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত সজাগতা সভাত গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা ,জিলা বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা, সহকাৰী মুখ্য বন সংৰক্ষকদ্বয় ক্ৰমে ৰাজীৱ হাজৰিকা আৰু পি লহকৰ , জিলাখনৰ চাৰিওতা ৰেঞ্জৰ ৰেঞ্জাৰ সকল , প্ৰটেকচন ৰেঞ্জাৰ ধনশিৰীৰ মহকুমাৰধিপতি ডাঃ পি উদয় প্ৰবীণ আদিকে ধৰি অনেক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
সভাৰ আৰম্ভণিতে উপায়ুক্ত ধীৰেন হাজৰিকাই ৰেংমা সীমান্ত হাইস্কুলৰ চৌহদত গছ পুলি ৰোপণ কৰে । পিছত তেওঁ উপস্থিত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰে । ইপিনে মহকুমাৰটোৰ সীমাত বনবিভাগৰ ভূমি দখলৰ সম্পৰ্কত উপায়ুক্তই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আমাক জানিবলৈ দিয়ে ।
- Log in to post comments
- 4 views