বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
'সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকল বিদ্যায়তনিক দিশত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ছাত্ৰ-ছাত্ৰীসকলে আত্মনিয়ন্ত্ৰণৰ জৰিয়তে নিজৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিব লাগে।মেধাৰ স্থায়িত্ব ৰক্ষা কৰিবলৈ হ'লে শিক্ষাৰ্থীসকলে কঠোৰ অনুশীলন কৰিব লাগিব" - এই মন্তব্য সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদৰ ৷
আজি নলবাৰী জিলাৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আয়োজিত এক অনুষ্ঠানত তেওঁ এইদৰে কয় ৷
অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে গুণগত শিক্ষাৰ ওপৰত আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কৰি ভাষণ দিয়ে। বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইউনুচৰ ৰহমান, প্ৰাক্তন ছাত্ৰনেতা অমল ডেকা, বিনয় ডেকা, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিৰোজউদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশ সন্দৰ্ভত সাৱলীল ভাষণ দিয়ে ৷
সভাত ৭৯ গৰাকী কৃতী শিক্ষাৰ্থীক মানপত্ৰ, গছপুলি আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱাৰ লগতে বৰভাগ মহাবিদ্যালয়ৰ সদ্য অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ব্ৰজেন কলিতাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতাই ৷ আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপজ্যোতি কলিতাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ- সভাপতি উৎপল কলিতা, সাহিত্য সম্পাদক গৌতম বেজবৰুৱা, সাংগঠনিক সম্পাদক দিগন্ত ভৰালী, কাৰ্যনিৰ্বাহক ৰঞ্জিত শৰ্মা আদি ছাত্ৰনেতাসকলো উপস্থিত থাকে ৷
- Log in to post comments
- 7 views