বঙাইগাঁৱত ৭০সংখ্যক 'বন মহোৎসৱ সপ্তাহ' উদযাপন

bn

বঙাইগাঁওঃ ৫ জুলাইঃ ড৹ কে.এম. মুঞ্চিয়ে ১৯৫০ চনত প্ৰথম আৰম্ভণি কৰাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে প্ৰত্যেক বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহটো 'বন মহোৎসৱ' হিচাপে পালন কৰি অহাত ইয়াৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে  বঙাইগাঁও জিলাতো ৭০ সংখ্যক বন মহোৎসৱ সপ্তাহ বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আই উপত্যকা বন সংমণ্ডলৰ সৌজন্যত কচুদোলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত আয়োজিত বন মহোৎসৱৰ কাৰ্যসূচী হিচাপে বৃক্ষ পূজন, গছ পুলি ৰোপণ আৰু বিনামূলীয়া গছপুলি বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়। পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক ৰৌণাক আলী হাজৰিকাই শুভ উদ্বোধন কৰা বন মহোৎসৱৰ কাৰ্যসূচীত দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো মুখ্য অতিথি হিচাবে উপস্থিত থাকে। সেইদৰে উপস্থিত থাকে জিলা উপায়ুক্ত আদিল খানকে ধৰি কে'বাগৰাকীও বিশিষ্ট ব্যক্তি ৷bon

ইপিনে নিজৰ উদ্বোধনী ভাষণত আৰক্ষী উপ মহাপৰিদৰ্শক হাজৰিকাই সমাজৰ প্ৰতিটো স্তৰৰ লোককেই অসমৰ দৰে এখন প্রাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ভূমিক সংৰক্ষণ আৰু সুৰক্ষা প্ৰদান কৰাৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। আনহাতে সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠানৰ শোভা বৰ্ধন কৰি উপস্থিত থকা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে উঠি অহা যুৱ প্ৰজন্মক গছপুলি ৰোপণ আৰু ইয়াৰ পৰৱৰ্তী সুৰক্ষা সুনিশ্চিত কৰাত ব্ৰতী হৈ প্রকৃতি ৰক্ষাৰ স্বাৰ্থত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এজন লোকে এডাল গছ পুলি ৰোপণ কৰিলেই তেওঁৰ কৰ্তব্য শেষ হৈ নাযায় , বৰঞ্চ সেই গছ পুলি ডাল লহ-পহকৈ ডাঙৰ হ'ব পৰাকৈ সুৰক্ষা দিয়াটোও একান্তই কৰ্তব্য। বন মহোৎসৱৰ অংশ হিচাপে হাতত লোৱা এই কাৰ্যসূচীত গছ পুলি ৰোপণ আৰু বিনামূলীয়া গছ পুলি বিতৰণৰ যোগেদি সৰ্বমুঠ ২,৫০০ ডাল বিভিন্ন প্ৰজাতিৰ গছ পুলি যেনে তিতাচপা, শিলিখা, ভোমোৰা, অৰ্জুন, কলাজামু , আম, কঁঠাল, মধুৰী আম আদি ৰোপণ  আৰু বিতৰণ কৰা হয়। উল্লেখ্য যে এই সপ্তাহজোৰা বন মহোৎসৱ উদযাপনৰ সময়ছোৱাত বঙাইগাঁও জিলাৰ প্ৰত্যেকখন গাওঁ পঞ্চায়তত গছ পুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হ'ব। গ্ৰীষ্মকালীন বন্ধৰ দিনকো উপেক্ষা কৰি প্ৰায় ১০০ জনৰো অধিক ছাত্র-ছাত্ৰী আৰু ৩০০ ৰো অধিক স্থানীয় ৰাইজ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

বন মহোৎসৱৰ এই অনুষ্ঠানত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, আই উপত্যকা বন সংমণ্ডলৰ বন বিষয়া এ এচ আৰিফ , এন এফ ৰে'লৱেৰ উপ-মুখ্য অভিযন্তা, মাজেৰ আলগা এম ভি স্কুলৰ ছাত্র- ছাত্ৰী আৰু শিক্ষক তথা ভালে সংখ্যক স্থানীয় গাঁওবাসী ৰাইজ উপস্থিত থাকে।এই খিনিতে উল্লেখ্য কৰিব পাৰি যে ৭০ সংখ্যক বন মহোৎসৱ উপলক্ষ্য গছ পুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা কচুদোলাৰ এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিখিনি কিছু দিন আগতে বঙাইগাঁও জিলা প্ৰশাসনে বেদখলমুক্ত কৰিছিল ৷ সকলো স্তৰৰ লোককেই গছপুলি কটাৰ পৰা বিৰত থাকিবলৈ তথা ইয়াৰ কুপ্ৰভাৱ সম্পৰ্কে সজাগ কৰি তোলাৰ লগতে গছ পুলি ৰোৱাৰ বাবে সকলোকে উৎসাহিত কৰাটোৱেই হৈছে এই বন মহোৎসৱ উদযাপনৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

Your Comments