বঙাইগাঁওঃ ৫ জুলাইঃ
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন বৰ্দ্বিত কাৰ্যনিৰ্বাহক সভা অহা ৯ জুলাইত অনুষ্ঠিত হ'ব ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত পুৱা ১১ বজাত আহ্বান কৰা বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা প্ৰতিখন জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকক উপস্থিত থাকিবলৈ আক্ৰাছুৰ উপ সভাপতি ক্ষিতীশ বৰ্মণ আৰু প্ৰচাৰ সম্পাদক কৰ্মেশ্বৰ ৰায়ে এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে ৷ উল্লেখ্য যে বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন প্ৰথমে সাত জুলাইত আহ্বান কৰিছিল যদিও সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আজি ( শুকুৰবাৰে) অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত বিশেষ কাৰণৱশত সভাৰ পূৰ্বৰ দিন সলনি কৰি অহা ন জুলাইলৈ পিছুৱাই দিয়ে ৷
- Log in to post comments
- 5 views