তপন বৰগোঁহাইৰ প্ৰতিবেদন :
অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত যোৱা ১জুলাইৰ পৰা আৰম্ভ হৈছে স্বচ্ছতা পষেক অভিযান। সেই অভিযানলৈ পূৰ্ণ সহযোগ আগবঢ়াই নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টেয়ো গুৱাহাটী মহানগৰীত স্বচ্ছতা সম্পৰ্কে এক জন সজাগতা অভিযানৰ আৰম্ভণি কৰিছে। উক্ত অভিযানৰ প্ৰথম পদক্ষেপ হিচাপে অহা ৭ জুলাইত মহানগৰীৰ তিনিখন আগশাৰীৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ মহানগৰীৰ ছয়টা গুৰুত্বপূৰ্ণ স্থানত প্রদর্শন কৰিব বাটৰ নাট আৰু মুকাভিনয়।জনসাধাৰণক স্বচ্ছতাৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে প্ৰদর্শন কৰিব লগা এই বাটৰ নাট আৰু মুকাভিনয়ত অংশগ্ৰহণ কৰিব কামৰূপ একাডেমী, উজানবজাৰ চৰকাৰীৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কটন কলেজিয়েটৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে।
এই কথা আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ মুখ্য পৰিচালিকা ৰিচা বৰুৱাই। তেওঁ লগতে কয় মুকাভিনয় আৰু বাটৰনাট যি কেইজন ছাত্ৰ ছাত্ৰীয়ে প্রদর্শন কৰিব তেওঁলোকক যোৱা ১জুলাই পৰা প্ৰশিক্ষণ দি থকা হৈছে। অহা ৭ জুলাইৰ দিনা আবেলি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত বাটৰ নাট আৰু মুকাভিনয় প্ৰদৰ্শন কৰিব লগা ঠাই সমূহ হৈছে শ্ৰদ্ধাঞ্জলি কানন, নেহেৰু পার্ক, দীঘলীপুখুৰী, চেণ্ট্ৰেল ম'ল, ৰুদ্ৰাক্ষ ম'ল আৰু ষ্ট্ৰীটজা।
ইয়াৰ উপৰিও আজি সংবাদ মেলত জানিবলৈ দিয়া অনুসৰি জনসাধাৰণ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ কৰাৰ বাবে অহা ৮ আৰু ৯জুলাইত স্বচ্ছতাক মূল বিষয়বস্তু হিচাপে লৈ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চুটিগল্প লিখা প্ৰতিযোগিতায়ো অনুস্থিত কৰিব। সেই প্ৰতিযোগিতাত বিজয়ী সকলক পুৰষ্কৃত কৰাৰ লগতে শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা চুটিগল্প সমূহ ট্ৰাষ্টৰ ফালৰ পৰা প্ৰচাৰ কৰাৰো ব্যবস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
একেদৰে অহা ১৩ আৰু ১৪ জুলাইত উক্ত তিনিখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীৰ সকলৰ দ্বাৰা স্বচ্ছতাক প্ৰতীক হিচাপে লৈ বিদ্যালয় কেইখনৰ চৌহদৰ দেৱালত ছবি অংকণ কৰা হ'ব বুলিও আজিৰ সংবাদ মেলত জানিবলৈ দিয়ে।
আনহাতে আজি এই সংবাদ মেলত অইল ইণ্ডিয়া লিমিটেডৰ টেলিকম বিভাগৰ উপ-মহাপ্ৰৱন্ধক অৰিন্দম দাস, অইল ইণ্ডিয়া লিমিটেডৰ টেলিকম বিভাগৰ বিষয়া তৃষ্ণা ৰাও, নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ ডক্টৰ ইন্দ্ৰানী দত্ত প্ৰমুখ্যে ট্ৰাষ্টৰ বহুকেইজন সদস্য উপস্থিত আছিল।
- Log in to post comments
- 29 views