নৰেন শৰ্মা,বাহাৰঘাট,
৫জুলাইঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কটকীয়া গাঁও নিৱাসী তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলাৰ প্ৰাক্তন প্ৰচাৰক,উপদেষ্টা তথা সমাজকৰ্মী ডিগম্বৰ কলিতাৰ(৭৮)আজি ৰাতিপুৱা মৃত্যু হোৱাত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ লগতে পূৱ-নলবাৰী অঞ্চলত শোকৰ ছাঁ পৰে।জানিব পৰামতে সমাজসেৱক কলিতাৰ যোৱা ৩ জুলাইত সমান্য জ্বৰ,কাহ হয় যদিও ভাত পানী খায় খোজ কাঢ়ি ঘুৰা-ফুৰা কৰি আছিল৷ আজি পুনৰ তেওঁৰ গা বেয়া লগা বুলি কোৱাত পৰিয়ালৰ লোকে ৰাতিপুৱা নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও তাতে তেওঁৰ মৃত্যু হয়।কলিতাই মৃত্যুৰ আগমুহুৰ্তলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমৰ বিভিন্ন প্ৰান্তৰ সভা,নামঘৰ,ভকত,বৈষ্ণৱ আদি গৃহত ধৰ্মপাঠ,কৰাৰ উপৰিও এই ধৰ্মৰ বিবাহ সম্পন্ন কৰিছিল।
প্ৰয়াত ডিগম্বৰ কলিতাই নলবাৰী জিলাৰ শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ জন্মলগ্মৰ পৰা প্ৰচাৰক হৈ কেবাটাও বছৰ কাম কৰাৰ লগতে উপদেষ্টা হৈ আছিল।কলিতাই নলবাৰী জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ,সংঘৰ পূৱ নলবাৰী আঞ্চলিক আদি গঠনত তেওঁ গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল।আজি কলিতাৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ,বাপ,আই,মাতৃৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ সংঘ মুলৰ সদস্য মনিৰাম দাস,নলবাৰী জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখা সভাপতি,সম্পদক,পূৱ-নলবাৰী আঞ্চলিকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি,সম্পদক,বিভিন্ন শাখাৰ ভকত বৈষ্ণৱে তেওঁৰ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে।
লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুলৰ সদস্য মনিৰাম দাসে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডিগম্বৰ কলিতা বাপৰ মৃত্যুৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অপূৰণীয়া ক্ষতি হোৱা বুলি কয় লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।ইফালে কলিতাৰ মৃত্যুত ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে কটকীয়া গাঁও উন্নয়ন সমিতি,ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱ,আছু,যুৱ-ছাত্ৰ পৰিষদ,বড়িগোগ বনভাগ মণ্ডল বিজেপি,ঘগ্ৰাপাৰ মণ্ডল কংগ্ৰেছ কমিটি,অগপ,আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।কলিতাই মৃত্যুৰ সময়ত , দুইগৰাকী পুত্ৰ,৪ জনী জীয়ৰীসহ অনেক গুনমুগ্ধক ইহসংসাৰত এৰি যায়।
- Log in to post comments
- 42 views