সঘনে বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত ধৰ্ণা ফৰকাটিঙৰ ৰাইজৰ

electric

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

তীব্ৰ গৰমৰ মাজতো বিদ্যুৎ সংযোগ ব্যাহত হৈ থকা আৰু সঘনে বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ গোলাঘাটৰ ফৰকাটিং অঞ্চলৰ ৰাইজে আজি পদব্ৰজে আহি উত্তাল কৰিলে গোলাঘাট চহৰ। ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুলা ,পানী যোগান আদিৰ পৰা বঞ্চিত হৈ থকা ৰাইজে আজি গোলাঘাটস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ  এক উত্তাল পৰিবেশৰ সৃষ্টি কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যিক শক্তি মন্ত্ৰীৰ বিৰুদ্ধে শ্ল'গান দি অহা প্ৰতিবাদী সমদলটোৱে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, গোলাঘাট চহৰখনতো সামান্য এজাক বৰষুণতে সমগ্ৰ দিনতো বিদ্যুৎ সংযোগ কৰ্তন কৰি চহৰবাসীকো অতিষ্ঠ কৰিছে বিভাগটোৱে।

Your Comments