সোণাৰি পৌৰসভা ঘেৰাও আহোম সেনাৰ

municipal

সোণাৰিৰ পৰা ঘন বৰা

অকমণ্য সোণাৰি পৌৰসভাৰ বিৰুদ্ধে আহোম সেনা আৰু কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্ল'গানেৰে সোণাৰি পৌৰসভাৰ কাৰ্যালয় উত্তাল কৰি তোলে। তেওঁলোকে পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰে। বিজেপি নেতৃত্বাধীন সোণাৰি পৌৰ সভাৰ অকমণ্যতাৰ বাবে স্তব্ধ হৈ পৰিছে সোণাৰি নগৰৰ উন্নয়ন। সোণাৰি নগৰৰ সমস্যা সমাধানত চূড়ান্তভাবে বিফল পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে আহোম সেনা আৰু কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীয়ে। স্বচ্ছতাৰ দিশ একেবাৰে শূল্য সোণাৰি পৌৰসভাই আজিলৈকে বহু বাট পথ মেৰামতি কৰা নাই। যাৰ বাবে জৰাজীৰ্ণ হৈ পৰিছে পৌৰসভাৰ অন্তৰ্গত বহু কেইটা গুৰুত্বপূৰ্ণ পূৰ্ণ পথ। ইয়াৰ পিছতো যদি অকমণ্য সোণাৰি পৌৰসভাই কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত সোণাৰিৰ পৌৰসভা নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে আঠ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ চৰাইদেউ জিলা উপায়ুক্তক প্ৰদান কৰে আন্দোলনকাৰীসকলে।

Your Comments