গোৰেশ্বৰত লক্ষাধিক টকা মূল্যৰ সুৰা জব্দ কৰিলে তামুলপুৰ আৰক্ষীয়ে

ur

গোৰেশ্বৰৰ প্রতিবেদক 

 

তামুলপুৰ মহকুমা আৰক্ষী বিষয়াই যোৱানিশা গোৰেশ্বৰত জব্দ কৰে বৃহৎ সংখ্যক অবৈধ সুৰাৰ বটলৰ লগতে অবৈধ পেট্ৰোল ডিজেল।গোৰেশ্বৰ থানাৰ অন্তৰ্গত শুৱাগপুৰ আৰক্ষী চকীৰ নিকটৱৰ্তী বাঙালী পাৰাৰ অমৰ চ'কত যোৱা নিশা তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত শুৱাগপুৰ আৰক্ষীয়ে চন্তোছ প্ৰধান নামৰ ব্যৱসায়ী গৰাকীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই লক্ষাধিক টকা মূল্যৰ সুৰাৰ বটলৰ লগতে বহু লিটাৰ পেট্ৰোল, ডিজেল জব্দ কৰে।

hh

ব্যৱসায়ীগৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা ফ্ৰিজত অবৈধ ভাবে ৰখা কেইবাটাও টি টি বেজিও লগতে আৰক্ষীয়ে উদ্ধাৰ কৰি উদ্ধাৰকৃত সুৰা আৰু পেট্ৰোল ,ডিজেলসমুহ শুৱাগপুৰ আৰক্ষী চকীলৈ লৈ আহে।ইফালে আৰক্ষীৰ অভিযানৰ খবৰ কেনেবাকৈ লাভ কৰি ব্যৱসায়ী গৰাকীৰ লগতে পৰিয়ালৰ সকলো সদস্যই পুলিচ অহাৰ পূৰ্বেই পলায়ন কৰে।

Your Comments